বোকাখাত, 11 মে’: কাজিৰঙাত কৃষকৰ প্ৰতিবাদ (Farmers protest in Kaziranga) ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) তৃতীয় সংযোজনৰ নামত স্থানীয় ৰাইজক প্ৰতাৰণাৰ অভিযোগ স্থানীয় ৰাইজৰ । ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল ৷
ঘটনা অনুসৰি, 2020 চনতে ৰাইজৰ প্ৰায় 1156 বিঘা মাটি বন বিভাগে অধিগ্ৰহণ কৰিছিল ৷ অৱশ্যে মাটি হেৰুওৱা লোকসকলক ক্ষতিপূৰণৰ আশ্বাস দিয়া হৈছিল চৰকাৰৰ তৰফৰ পৰা ৷ পিছে বিগত দুটা বছৰে কোনোধৰণৰ ক্ষতিপূৰণ লাভ নকৰিলে শিলজুৰী, মেথনী অঞ্চলৰ কৃষক ৰাইজে । বহুবাৰ প্ৰশাসন তথা বন বিভাগক ক্ষতিপূৰণৰ বাবে আবেদন কৰাৰ পাছতো এইক্ষেত্ৰত গা লৰা নাই চৰকাৰৰ ।
ইফালে মাটি অধিগ্ৰহণ কৰাৰ পিছত বছৰ বছৰ ধৰি সেই মাটিত খেতি কৰি অহা লোকসকলক খেতি কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে বন বিভাগে । ফলত উপায়ন্তৰ হৈ বুধবাৰে ট্ৰেক্টৰ, পাৱাৰটিলাৰ, দা-কোৰ লৈ খেতিপথাৰত নামি পৰিল স্থানীয় কৃষকসকল (Farmers protest in Kaziranga seeking compensation) ৷
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় কাজিৰঙাৰ DFO ৰমেশ কুমাৰ গগৈ ৷ তাৰ পিছতহে ক্ষান্ত হয় স্থানীয় ৰাইজ । শীঘ্ৰেই বিষয়টো সন্দৰ্ভত বনবিভাগ তথা স্থানীয় প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী কৃষকসকলে ৷
লগতে পঢ়ক : TMC ৰ সভাত সাংবাদিকক অপমান কৰাক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ