ETV Bharat / state

বড়োধানৰ খেতিৰে ভৱিষ্যতৰ সোনোৱালী সপোন ৰছিছে নৈ পৰীয়া কৃষকে - বান পৰিস্থিতিয়ে জুৰুলা কৰা কৃষক

জেঠৰ পথাৰত দেখা গ’ল আঘোণৰ ব্যস্ততা ৷ বড়োধানৰ খেতিৰে ভৱিষ্যতৰ সোনোৱালী সপোন ৰছিছে দেৰগাঁৱৰ নৈ পৰীয়া কৃষক ৰাইজে ৷ বান পৰিস্থিতিয়ে জুৰুলা কৰাৰ আগতেই এতিয়া বড়ো ধানৰ খেতিৰে বছৰটোলৈ সাজু হৈছে কৃষক ৰাইজ ৷

farmers-of-state-getting-ready-for-the-year-before-flood-with-cultivation-of-bodo-rice-etv-bharat-news
বড়োধানৰ খেতিৰে ভৱিষ্যতৰ সোনোৱালী সপোন ৰছিছে নৈ পৰীয়া কৃষকে
author img

By

Published : Jun 17, 2021, 3:39 PM IST

দেৰগাঁও, 17 জুন : দেৰগাঁৱৰ উপকণ্ঠ নদী কাষৰীয়া অঞ্চল সমুহত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য। জেঠৰ পথাৰত দেখা গৈছে আঘোণৰ ব্যস্ততা । বড়োধানৰ সোনোৱালী পথাৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে। জেঠৰ উদং পথাৰ খন ভৰি পৰিছে সোনোৱালী শস্যৰে।

হাতত কাছি লৈ ব্যস্ত দাৱনী, মুঠি মুঠি কৈ শাৰীপাতি থৈ যোৱা সোনগুটি বোৰে কৃষকৰ মন উৎফুল্লিত কৰি তুলিছে । পুহৰ শেষৰ ফালে অৰ্থাৎ মাঘ মাহৰ পৰা শাওনৰ ব্যস্ততাৰ দৰে ভূই ৰুই আৰম্ভ কৰা এই বড়োধানৰ খেতি কৰি জেঠ আৰু আহাৰ মাহৰ প্ৰথম ভাগতে সোনগুটি ভৰাললৈ চপাইছে নৈপৰীয়া কৃষকে ।

বড়োধানৰ খেতিৰে ভৱিষ্যতৰ সোনোৱালী সপোন ৰছিছে নৈ পৰীয়া কৃষকে

প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বানে জুৰুলা কৰা বোকোৰা, কলীয়া, বেলগুৰি, বৰমুকলি, ছগুৰি, ধেমাজি আদি গাঁও সমুহ এতিয়া কেৱল নিৰ্ভৰশীল হৈ পৰিছে এই বড়ো খেতিৰ ওপৰতেই । কিয়নো, বানপানীৰ অহাৰ আগতেই এই বড়ো ধানৰ খেতি সামৰি আজৰি হয় কৃষক ৰাইজ ।

ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতেই সোনালী ধানৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰ মনোমুগ্ধ পৰিৱেশে কৃষিজীৱী ৰাইজৰ জীৱনলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে । চালে চকুৰোৱা সোনগুটি ধানৰ আচলখনে বাটৰুৱাকো ৰিঙিয়াই মাতিছে । এনে সময়তে এতিয়া প্ৰতিকুল বতৰৰ মাজতে ৰাইজ ব্যস্ত হৈ পৰিছে সোনগুটি চপোৱাত ।

লগতে পঢ়ক : প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞৰ ঘৰত NIA ৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.