ETV Bharat / state

গোলাঘাটত মুকলিকৈ চলিছে ভুৱা নাৰ্ছিং চেন্টাৰ

গোলাঘাটৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখতেই চলিছে ভুৱা নাৰ্ছিং চেন্টাৰ । শেহতীয়াভাৱে জিলাখনত স্বাস্থ্য বিভাগৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ।

Fake Nursing Centre in Golaghat
গোলাঘাটত ভুৱা নাৰ্ছিং চেন্টাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 7:13 PM IST

গোলাঘাটত ভুৱা নাৰ্ছিং চেন্টাৰ

গোলাঘাট, ১১ ডিচেম্বৰ: গোলাঘাটত এতিয়া মুকলিকৈ চলিছে ভুৱা নাৰ্ছিং চেন্টাৰ । স্বাস্থ্য বিভাগৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য । চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বুলি নাৰ্ছিং চেন্টাৰ খুলি একাংশ শিক্ষিত দৰিদ্ৰ ছাত্ৰীক সজাইছে গিনিপিগ । এই ভুৱা নাৰ্ছিং চেন্টাৰ পূৰ্বে কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে জিলা আয়ুক্তক দিয়া অভিযোগ পত্ৰই পোহৰলৈ আনিছে বহু চাঞ্চল্যকৰ তথ্য ।

গোলাঘাটৰ চিনাতলীৰ বৰ্ণালী হাজৰীকা নামৰ এগৰাকী মহিলাৰ এখন অভিযোগ পত্ৰই তোলপাৰ লগাইছে জিলাখনত । উত্থাপিত অভিযোগ মতে,চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বুলি ভুৱাকৈ চলাই আহিছে গোলাঘাটৰ ক'ৰ্ট ৰোডত থকা এছিয়ান হেলথ মিছন ইনষ্টিটিউট নামৰ নাৰ্ছিং চেন্টাৰটো । উল্লেখ্য় যে পূৰ্বে মহিলাগৰাকী কৰ্মৰত আছিল এই চেন্টাৰটোত । কিন্তু ভুৱাকৈ নাৰ্ছিং চেন্টাৰটো চলাই থকা প্ৰত্যক্ষ কৰি অব্যাহতি লৈ গোলাঘাট জিলা আয়ুক্তক অভিযোগ দাখিল কৰে বৰ্ণালী হাজৰীকাই । এই অভিযোগৰ ভিত্তিত সোমবাৰে উক্ত নাৰ্ছিং চেন্টাৰটোত অভিযান চলালে গোলাঘাটৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ এটা অভিযানকাৰী দলে ।

গোলাঘাটৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ অভিযানকাৰী দলটোৱে উল্লেখ কৰা মতে, এছিয়ান হেলথ মিছন ইনষ্টিটিউট নামৰ নাৰ্ছিং চেন্টাৰটোৰ নাই কোনো চৰকাৰী তথা স্বাস্থ্য বিভাগৰ অনুমতি পত্ৰ । নাই বৈধ কোনো অনুজ্ঞা পত্ৰ । এছিয়ান হেলথ মিছন ইনষ্টিটিউট নামৰ নাৰ্ছিং চেন্টাৰটোত একোৱে নাপালে অভিযানকাৰী দলটোৱে । ইফালে,এছিয়ান হেলথ মিছন ইনষ্টিটিউটৰ কৰ্মচাৰীসকলে কয় যে তেওঁলোকৰ ভুল হৈছে আৰু হেনো ইমান দিনেই নাজানে যাৱতীয় অনুমতিৰ বিষয়ে ।

এই ঘটনাৰ পিছত তীব্ৰ জোকাৰণি সৃষ্টি হৈছে অধ্যয়ণৰত ছাত্ৰী সকলৰ মাজত । এইদৰে ভুৱাকৈ নাৰ্ছিং চেন্টাৰ খুলি চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বুলি প্ৰচাৰ চলাই শ শ শিক্ষিত দৰিদ্ৰ ছাত্ৰীক গিনিপিগ সজাই লাখ লাখ টকা লুন্ঠন চলাই অহা এই মহাপ্ৰৱঞ্চকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন হৈছে । এইখন মাত্ৰ উদাহৰণহে ৷ গোলাঘাট জিলাত আৰু বহু এনে ভুৱা নাৰ্ছিং চেন্টাৰ এনেদৰে চলি থকাৰ তথ্য লাভ কৰিছে স্বাস্থ্য বিভাগে আৰু সেই সমুহতো অভিযান চলিব ।

লগতে পঢ়ক:মুখ্যমন্ত্রীয়ে নৱপ্ৰজন্মৰ প্ৰতিভা বিকাশৰ সপোনক বাস্তৱ ৰূপ দিছে: মানৱ ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.