ETV Bharat / state

জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি বন্যহস্তী

author img

By

Published : Nov 23, 2020, 2:09 PM IST

Updated : Nov 23, 2020, 2:18 PM IST

চৰম পৰ্যায়ত হাতী-মানুহৰ সংঘাত ৷ জীৱশ্ৰেষ্ঠ হিচাপে দাবী কৰা মানুহৰ আক্ৰমণৰ বলি হৈছে বন্যহস্তী ৷ এই ঘটনা সংঘটিত হৈছে গোলাঘাটত ৷ ম’বাইলৰ কেমেৰাত আৱদ্ধ হৈছে হাতীৰ শৰীৰত জুই লগাৰ ভয়াৱহ দৃশ্য ৷

Extreme stage of man elephant conflict in golaghat assam etv bharat news
চৰম পৰ্যায়ত হাতী-মানুহৰ সংঘাত

গোলাঘাট,23 নৱেম্বৰ: দেওবাৰে নিশা গোলাঘাটত বন্যহস্তীৰ শৰীৰত ৰাইজে অগ্নি সংযোজিত শেল প্ৰয়োগ কৰাৰ ফলত জুই লাগে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, গোলাঘাটৰ থুৰামুখত খাদ্যৰ সন্ধানত অহা হাতীৰ ওপৰত একপ্ৰকাৰ বীৰত্ব প্ৰদৰ্শন কৰে এদল জীৱশ্ৰেষ্ঠয়ে ৷ জিলাখনৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু নামবৰ বনাঞ্চলৰ দাঁতি-কাষৰীয়া বিভিন্ন প্ৰান্তলৈ খাদ্যৰ সন্ধানত নিতৌ আগমন ঘটে জাক জাক বনৰীয়া হাতীৰ ৷ নিশাৰ সমান্তৰালকৈ দিনৰ ভাগতো অঞ্চলসমূহত হাতীয়ে খেতিপথাৰত প্ৰৱেশ কৰি নষ্ট কৰি আহিছে শস্য ৷ ফলত সমাধান হোৱাৰ পৰিৱৰ্তে বৃদ্ধি পাইছে হাতী-মানুহৰ মাজৰ সংঘাত ৷

চৰম পৰ্যায়ত হাতী-মানুহৰ সংঘাত

শেহতীয়াকৈ এই সংঘাত চৰম পৰ্যায়ত উপনীত হোৱা দেখা যায় ৷ একাংশ দুস্কৃতিকাৰীয়ে দেওবাৰে নিশা হাতীক উদ্দেশ্যি অগ্নি সংযোজিত শেল প্ৰয়োগ কৰে ৷ এই শেলে হাতীৰ পিঠিত আঘাত কৰাৰ ফলত হাতীৰ পিঠিত জুই লাগে ৷ তদুপৰি হাতীৰ মুখমণ্ডলতো শেলে আঘাত কৰে ৷ এই আক্ৰমণৰ ভয়াৱহ দৃশ্য আৱদ্ধ হৈছে ম’বাইলৰ কেমেৰাত ৷ ইয়াৰ পিছতো কিন্তু নিদ্ৰামগ্ন হৈ আছে স্থানীয় বন বিভাগ ৷ পূৰ্বতেও কেইবাবাৰো এই সমস্যা সমাধানৰ দাবীত স্থানীয় ৰাইজে বন বিভাগক দাবী উত্থাপন কৰি আহিছিল যদিও কোনো ফলাফল লাভ কৰা দেখা নগ’ল ৷

উল্লেখ্য যে,বিগত ৩ নৱেম্বৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল গোলাঘাটৰ বকিয়াল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ঢলাকছাৰী গাঁৱত ৷ কিন্তু এইক্ষেত্ৰতো গোলাঘাটৰ বন বিভাগে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগ’ল ৷ যাৰফলত পুনৰবাৰ জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হ'ল বন্যহস্তী ৷

লগতে চাওকঃ থোৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা

Last Updated : Nov 23, 2020, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.