ETV Bharat / state

মাটিৰ মমতাৰে কান্ধত নাঙল তুলি লৈ দিগন্ত কুটুমে পথাৰত জুৰিছে মৌ-বৰষা বিহুনাম - সফল কৃষক দিগন্ত কুটুম

বিহু অসমীয়াৰ প্ৰাণস্পন্দন স্বৰূপ ৷ হেঁপাহৰ বিহুটি আহিলে মতলীয়া হয় প্ৰতিজন অসমীয়া ৷ ডেকাৰ পৰা বুঢ়ালৈ, জীয়ৰীৰ পৰা বোৱাৰীলৈ সকলো ব্যস্ত ৰঙালীৰ বাবে (Bihu preparation in Assam) ৷ বিহু বুলি গাত তত নাই এসময়ৰ সশস্ত্ৰ সংগ্ৰামৰ বিপ্লৱী আৰু বৰ্তমান এজন সফল কৃষক দিগন্ত কুটুমৰ ৷ কান্ধত নাঙল তুলি এতিয়া পথাৰতে বিহু নাম জুৰিছে দিগন্ত কুটুমে ৷

EX ULFA militant engage
মাটিৰ মমতাৰে কান্ধত নাঙল তুলি লৈ দিগন্ত কুটুমে পথাৰত জুৰিছে বিহু নামৰ মৌ জোকাৰ
author img

By

Published : Apr 8, 2022, 2:30 PM IST

বোকাখাত, 8 এপ্ৰিল : উগুল-থুগুল এতিয়া ৰাজ্যবাসীৰ মন ৷ কিয়নো দুৱাৰ দলিত হেঁপাৰ ৰঙালী ৷ সকলোৱে এইবাৰ নাচিব প্ৰাণভৰি ৷ গাত তৎ নাই চহা কৃষকৰো ৷ সোণবৰণীয়া পথাৰ আৰু মনত অযুত সপোন ৷ মাহ-হালধীৰে গোহালিৰ গৰু হালক নুৱাই-ধূৱাই সপোনৰ সোণগুটি সিচিবলৈ সাজু হৈছে এতিয়া ৰাজ্যৰ প্ৰতিজন চহা খেতিয়ক (Bihu preparation in Assam) ৷

কান্ধত নাঙললৈ মুখত বিহু নামৰ মৌ জুৰি পথাৰত নামিছে কৃষি বিপ্লৱী দিগন্ত কুটুমে (EX ULFA militant engage in with Agri farming)৷ এসময়ৰ সশস্ত্ৰ সংগ্ৰামৰ বিপ্লৱী আৰু বৰ্তমান এজন সফল কৃষক দিগন্ত কুটুম ৷ সশস্ত্ৰ বিপ্লৱৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সংগী হিচাপে যৌৱনৰ এচোৱা কাল কটাই মূলসূঁতিলৈ ঘূৰি আহিছিল বোকাখাতৰ এইজন দিগন্ত কুটুম । এসময়ত হাতত মাৰণাস্ত্ৰ আৰু আজি হাতত তুলি লৈছে নাঙল ।

বিহু আহিলেই মতলীয়া হয় এইজন বিহুৱাৰো মন ।

১৯৮৬ ৰ পৰা ১৯৯১ চনলৈ সংযুক্ত মুক্তি বাহিনী অসমৰ সশস্ত্ৰ কেডাৰ দিগন্ত কুটুম (EX ULFA militant Diganta Kutum) বৰ্তমান এজন সফল কৃষক । ১৯৮৭ চনত আলফাত যোগদান কৰি নগালেণ্ডত NACN ৰ দ্বাৰা সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰি কাচিনলৈ যাত্ৰা কৰিছিল দিগন্তই । কাচিনত থকাৰ কালতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সান্নিধ্য লাভ কৰিছিল ৪ বছৰ কাল ।

হেঁপাহৰ বিহুটি আহিলে মতলীয়া হয় প্ৰতিজন অসমীয়া

লগতে পঢ়ক : বিহুৰ প্ৰস্তুতিত ব্যস্ত থলোৱা বাদ্যযন্ত্ৰৰ শিল্পী দ্বিজেন গগৈ

ইয়াৰ লগতে আলফাৰ কেডাৰ হিচাপে তেওঁ বোমা নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল চীনত । ১৯৯১ অসম আৰক্ষীৰ জালত পৰি যোৰহাটৰ জেলত সময় কটাই অৱশেষত মূলসুঁতিলৈ আহিছিল এইগৰাকী আলফা কেডাৰ দিগন্ত কুটুমে । পৰৱৰ্তী সময়ত কৃষিকৰ্মত আত্ম নিয়োগ কৰি বৰ্তমান এগৰাকী সফল কৃষক হিচাপে নিজকে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ।

এসময়ত হাতত বন্দুক তুলি লোৱা দিগন্ত কুটুমে এতিয়া বিহু আহিলেই হাতত তুলি লয় বাঁহী ৷ পথাৰৰ পৰা ঘৰমুৱা পথত হিয়া উজাৰি গায় বিহু নাম ৷ বিহু নাচত মতলীয়া হয় তেওঁ । এই গৰাকী প্ৰাক্তন আলফা সদস্যৰ নৱপ্ৰজন্মলৈ আহ্বান, কৃষি কাৰ্যক ব্যৱসায় হিচাপে গ্ৰহন কৰিলেহে সফলতা লাভ কৰি নিজকে আত্ম সংস্থাপন দিব পাৰিব ৷

লগতে পঢ়ক : কপৌ, নাহৰ, তগৰ, খৰিকাজাঁইৰ সুবাসে আনিছে বিহুৰ বতৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.