গোলাঘাট, 2 জুলাইঃ কাজিৰঙাত বানাক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন । উপস্থিত হৈ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে বানাক্ৰান্ত ৰাইজক খাদ্য আৰু বিশুদ্ধ পানী বিতৰণ কৰাৰ লগতে প্ৰত্যেককে একোখন কৈ মাস্ক বিতৰণ কৰে।
দেশত কৰ'ণা মহামাৰীৰ আতংক চলি থকাৰ মাজতেই বানপানীৰ বিভীষিকাই গা কৰি উঠিছে বিভিন্ন জিলাত ৷ ঠিক একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহতো ভয়ংকৰ পৰিস্থিতি সৃষ্টি হয় । বানত ক্ষতিগ্ৰস্ত লোক সকলক অলপ সহায়ৰ হাত আগবঢ়াবলৈ বৃহস্পতিবাৰে কোঠৰীত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন । কোঠৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দেউপানী, বাঘমাৰী, কোঠৰী হাইস্কুল, নজান এল.পি.স্কুল, হাৰমতী এল.পি.স্কুল আদি বানশিবিৰত উপস্থিত হয় উপদলপতি ৰকিবুল হুছেইন । শিবিৰত উপস্থিত হৈ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে বানাক্ৰান্ত ৰাইজক খাদ্য আৰু বিশুদ্ধ পানী বিতৰণ কৰাৰ লগতে প্ৰত্যেককে একোখন কৈ মাক্স বিতৰণ কৰে ।
উক্ত বিতৰণ অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে চৰকাৰখনৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপিত কৰি কয় যে, চৰকাৰীভাৱে বানাক্ৰান্ত সকলক প্ৰদান কৰা শিৱিৰত কোনো ধৰণৰ সামাজিক দূৰত্ব নায় । গুৱাহাটীত বহি চৰকাৰখনে সামাজিক দূৰত্বৰ কথা কয়, কংগ্ৰেছৰ মানুহে সভা সমিতি পাতিলে দোষাৰোপ কৰে । আনহাতে, একোটা শিৱিৰত ১০টাকৈ পৰিয়াল একে লগে বাস কৰাটো অতি ভয়াবহ বুলি সাংবাদিকক জনায় । কৰ'ণাৰ এনে জটিল ক্ষণত চৰকাৰখনে কেৱল ৰাজনীতি কৰিছে । পেট্ৰল- ডিজেলৰ মূল্য বৃদ্ধি কৰিছে । আন্দোলনৰ ভয়ত অখিল গগৈক ইটোৰ পিছত সিটো দোষ জাপি জেলত আবদ্ধ কৰি ৰাখিছে । প্ৰাক্তন মন্ত্ৰী গৰাকীৰ চৰকাৰলৈ দাবী শিৱিৰত থকা মানুহ যাতে কৰ'ণা সংক্ৰমণৰ বলি নহয় তাৰ ব্যৱস্থা কৰক বুলি তীব্ৰ কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক- গোলাঘাটত ৬ গৰাকী চিকিৎসাকৰ্মীৰ দেহত COVID-19