গোলাঘাট,28 অক্টোবৰ: গোলাঘাট জিলাৰ নুমলীগড়ৰ মৰঙীত বনাঞ্চলৰ হাতীয়ে প্ৰৱেশ কৰিছে জনাঞ্চলত ৷ এই ঘটনা গোলাঘাটৰ মৰঙীৰ উদয়ন চাহ বাগিচা আৰু কাষৰীয়া গাঁৱৰ । গাঁৱৰ মাজত বনৰীয়া হাতীৰ এটি জাক ৷
বন্য হস্তীৰ উপদ্ৰৱ এতিয়া নৃত্য-নৈমিত্তিক সমস্যা মৰঙীবাসীৰ বাবে ৷ খাদ্যৰ সন্ধানত ওলাই অহা হাতীয়ে বাচি লৈছে জনাঞ্চল । নষ্ট কৰিছে খেতিপথাৰ, গাঁৱৰ ৰাইজে পথাৰৰ পৰা খেদি পঠিয়াইছে হাতীৰ জাকটো ।
মানুহৰ কোলাহলৰ বাবে এফালৰ পৰা মহতিয়াই গৈছে বন্যহস্তীৰ জাকটোৱে। হৈই হাল্লা কৰি, পেপা বজাই ৰাইজে খেদিবলৈ যত্ন কৰিছে হাতীৰ জাকটো ৷ ইয়াৰ পিছতো নিতৌ হাতীয়ে শালিধানৰ পথাৰত সোমাই ধান খাই তহিলং কৰে ৷ বনৰীয়া হাতীৰ তাণ্ডৱত উপায়হীন হৈ পৰিছে গঞা ৷