ETV Bharat / state

নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস - বন্যহস্তীৰ তাণ্ডৱ

বন্যহস্তীৰ জাকটোৱে নুমলীগড়ৰ মুৰফুলনী, বকিয়াল, ৰংবং, ফলঙনী আদি অঞ্চলত বাসগৃহ ভাঙি পেলোৱাৰ উপৰিও তহিলং কৰিছে খেতিপথাৰ । বৃহস্পতিবাৰে নিশা ফলঙনী অঞ্চলত হাতীৰ আক্ৰমণত আহত হয় তৰাদৈ শইকীয়া নামৰ এগৰাকী মহিলা ।

elephant terror at golaghat numaligrah
নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস
author img

By

Published : Aug 7, 2020, 5:23 PM IST

গোলাঘাট, 7 আগষ্টঃ ৰাজ্যত এফালে বানৰ সংহাৰ আনফালে কৰ’ণাৰ ভয়াৱহ সংক্ৰমনে জনসাধাৰণক জুৰুলা কৰিছে ৷ তাৰমাজতে গোলঘাট জিলাৰ নুমলীগড়ত বন্যহস্তীয়ে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ৷ অঞ্চলটোত প্ৰতিদিনে জীৱশ্ৰেষ্ঠ মানুহ আৰু হাতীৰ মাজত চলে সংঘাত ৷

নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস

উল্লেখযোগ্য যে, নুমলীগড় চাহ বাগিচা আৰু ফলঙনী অঞ্চলত এফালে জীৱ শ্ৰেষ্ঠ মানুহ আনফালে এদল ভোকাতুৰ হাতীৰ মাজত চলিছে সংঘাত । দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লৈ নিশা হ'লেই হাতীৰ জাকটোৱে প্ৰৱেশ কৰে গাঁওসমূহত ৷ সেয়েহে মানুহ আৰু বন্যহস্তীৰ মাজত সংঘাত আৰম্ভ হয় ৷

elephant terror at golaghat numaligrah
নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস

বিগত কেইবাদিনো ধৰি হাতীৰ জাকটোৱে নুমলীগড় বিভিন্ন অঞ্চল মুৰফুলনী, বকিয়াল, ৰংবং, ফলঙনী আদি অঞ্চলৰ বাসগৃহ ভাঙি পেলোৱাৰ উপৰিও খেতিপথাৰ তহিলং কৰি আহিছে । বৃহস্পতিবাৰে নিশা ফলঙনী অঞ্চলত হাতীৰ আক্ৰমণত আহত হয় তৰাদৈ শইকীয়া নামৰ এগৰাকী মহিলা ৷

elephant terror at golaghat numaligrah
নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস

মহিলা গৰাকীৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভাঙি লণ্ডভণ্ড কৰে বন্যহস্তীৰ দলটোৱে যদিও কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ । ইফালে হাতীৰ বৃহৎ জাকটোক দিনৰ ভাগত চাহ বাগিচাৰ পৰা খেদি পঠাবলৈ মানুহে যিমানেই চেষ্টা কৰিছে সিমানেই হাতীৰ জাকটোৱে মানুহলৈ চোঁচা লৈ খেদি আহে ৷ যিকোনো মুহূৰ্ততে হাতীৰ জাকটোৱে আক্ৰমণ কৰিব পাৰে মানুহক ৷ অতিশ্ৰীঘে বন বিভাগ তথা অসম চৰকাৰক বিহিত ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ৷

elephant terror at golaghat numaligrah
নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস

লগতে পঢ়কঃ জম্মু-কাশ্মীৰৰ নতুন লেফ. গৱৰ্নৰ হিচাপে মনোজ সিনহাৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.