ETV Bharat / state

কাজিৰঙাত অনিৰ্দিষ্ট কাললৈ বন্ধ ব্যক্তিগত হাতী ছাফাৰী

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 10:55 PM IST

Private Elephant Safari in Kaziranga: বনবিভাগৰ মইমতালিৰ বিৰুদ্ধে প্ৰতিবাদ হাতী ছাফাৰীৰ মালিক সন্থাৰ ৷ কাজিৰঙাত অনিৰ্দিষ্ট কাললৈ বন্ধ ব্যক্তিগত হাতী ছাফাৰী ৷

Elephant Safari Owners shut down private elephant safari indefinitely in kaziranga
প্ৰতিবাদ হাতী ছাফাৰীৰ মালিক সন্থাৰ
প্ৰতিবাদ হাতী ছাফাৰীৰ মালিক সন্থাৰ

কাজিৰঙা/কলিয়াবৰ, 23 ডিচেম্বৰ : ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ সম্প্ৰতি কাজিৰঙাত পৰ্যটকে গিজগিজাই থকাৰ সময়তে লোৱা হৈছে হাতী ছাফাৰী বন্ধৰ এক ভয়াৱহ সিদ্ধান্ত ৷ কাজিৰঙা বনবিভাগৰ মইমতালিৰ বাবেই কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব এই ব্যক্তিগত হাতী ছাফাৰী ৷ শনিবাৰে এই ঘোষণা কৰি কাজিৰঙাৰ ব্যক্তিগত হাতী ছাফাৰীৰ মালিক সন্থাই কয় যে, প্ৰত্যেক বছৰ নবেম্বৰৰ ১ তাৰিখৰ পৰা ৩০ এপ্ৰিললৈকে ছমাহৰ বাবে মুকলি কৰা হয় হাতী ছাফাৰী ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা বেছিভাগ পৰ্যটকৰ দাবী থাকে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত হাতী ছাফাৰী কৰাৰ ৷ যাৰ বাবেই কাজিৰঙাৰ কঁহৰা বনাঞ্চলত চৰকাৰী হাতী ছাফাৰী কৰাৰ বিপৰীতে বাগৰি বনাঞ্চলত ব্যক্তিগত হাতী ছাফাৰীৰ ব্যৱস্থা কৰা হয় ৷ ইয়াৰে কঁহৰা বনাঞ্চলৰ হাতী ছাফাৰী সম্পূৰ্ণৰূপে বনবিভাগে পৰিচালনা কৰাৰ বিপৰীতে বাগৰি বনাঞ্চলত কাজিৰঙাৰ স্থানীয় যুৱকে হাতী ভাড়ালৈ আনি পৰ্যটকক পৰিভ্ৰমণ কৰোৱাৰ ব্যৱস্থা কৰে ৷

সম্পূৰ্ণ চৰকাৰী নীতি-নিয়মৰ মাজেৰে কৰা এই ব্যৱস্থাত বিভাগেও এটা ৰাজহ লাভ কৰে ৷ ইপিনে, প্ৰত্যেক বছৰ ডিচেম্বৰৰ ১৫ তাৰিখৰ পৰা কাজিৰঙাত যথেষ্ট পৰ্যটক উপস্থিত হোৱাৰ বাবে সাধাৰণতে দুটা খেপৰ পৰিৱৰ্তে তিনিটা খেপত হাতী ছাফাৰী কৰোৱা হয় ৷ কিন্তু, চলিত বৰ্ষত তিনিটা খেপৰ হাতী ছাফাৰীতো বাদেই ব্যক্তিগত হাতীৰ ক্ষেত্ৰত প্ৰতিটো হাতীৰ বিপৰীতে এগৰাকী পহৰাদাৰ দিয়াৰ নিৰ্দেশনা দিয়ে কাজিৰঙাৰ বন কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, বাগৰি বনাঞ্চলত চলিত বৰ্ষত ৩৫ টা ব্যক্তিগত হাতী আছে ৷ আনহাতে, প্ৰতিটো হাতীতে চাৰিটাকৈ পৰ্যটক কঢ়িওৱা ছিট আছে ৷ যিহেতু একেলগে গোটেইখিনি হাতী উদ্যানৰ অন্তৰ্ভাগলৈ যায়, সেয়ে দুইৰ পৰা তিনিগৰাকী পহৰাদাৰ মকৰল কৰিলেই যথেষ্ট হয় ৷ কিন্তু, তাৰ বিপৰীতে চাৰিজনীয়া ছিট থকা প্ৰতিটো হাতীত এজনকৈ পহৰাদাৰ প্ৰেৰণ কৰাৰ ঘোষণা কৰি নিৰ্দেশনা জাৰি কৰে কাজিৰঙাৰ বন কৰ্তৃপক্ষই ৷

সেইমতে, প্ৰত্যেকটো খেপত ৩৫ গৰাকী পহৰাদাৰ পঠিওৱাৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে ৷ কিয়নো সীমিত আসনৰ মাজেৰেই কোনোমতে জোৰা-টাপলি মাৰি পৰ্যটকক হাতী ছাফাৰীৰ সুবিধা কৰি অহা হাতী মালিকসকলে প্ৰতি পৰ্যটন বৰ্ষতে ডিচেম্বৰ-জানুৱাৰী মাহত আসনৰ নাটনিত ভোগে ৷ তেনেক্ষেত্ৰত প্ৰতিদিনে ৭০ টা আসনৰ সংৰক্ষণে পৰ্যটকক বঞ্চিত কৰাৰ সমান্তৰালকৈ হাতী মালিকসকলৰ ব্যৱসায়ত ব্যাপক প্ৰভাৱ পেলাব বুলি নিশ্চিত কাজিৰঙা পৰ্যটনৰ লগত জড়িত বিভিন্নজন ৷

আনহাতে, এয়া এক উদ্ভট সিদ্ধান্ত বুলি ইতিমধ্যেই বিভিন্নজনে স্পষ্ট কৰিছে ৷ ইপিনে, আজি হাতী ছাফাৰীৰ মালিকসকলক এই উদ্ভট বিষয়টো সম্বন্ধে জাননী প্ৰেৰণ কৰাত হাতী ছাফাৰীৰ মালিকসকলে কাজিৰঙাৰ ডি এফ অ’ অৰুণ ভিগনেছৰ সৈতে সমগ্ৰ বিষয়টো আলোচনা কৰিবলৈ কাৰ্যালয়লৈ যায় যদিও গুৰুত্ব দিয়াৰ বিপৰীতে অভব্য আচৰণ কৰে ডি এফ অ’ গৰাকীয়ে ৷

কাজিৰঙাৰ ব্যক্তিগত হাতী ছাফাৰীৰ হৈ ফটিক বৰা, বিমল শৰ্মা, দীপক গঞ্জুৱে কয় যে কাজিৰঙাত সম্প্ৰতি পৰ্যটকৰ যথেষ্ট ভিৰ ৷ আনহাতে, দুই-তিনি মাহৰ পূৰ্বেই হাতী ছাফাৰীৰ টিকট পৰ্যটকে বুকিং কৰিছে ৷ ফলত, শেষ মুহূৰ্তত প্ৰতিটো খেপত ৩৫ টাকৈ দুটা খেপত ৭০ টা হাতী ছিট কেৱল পহৰাদাৰৰ নামত দিবলগীয়া হ’লে আগতীয়া বুকিং কৰা পৰ্যটকসকলক হাতী মালিকসকলে কি জবাব দিব ? যাৰ বাবেই আটাইকেইজন হাতীৰ মালিক একেলগে আলোচনা কৰি কাজিৰঙা বনবিভাগৰ মইমতালিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

হাতী ছাফাৰীৰ মালিক সন্থাই স্পষ্টকৈ কয় যে, কাইলৈৰ পৰা বিষয়টোৰ সঠিক মীমাংসা নোহোৱা পৰ্যন্ত অনিৰ্দিষ্ট কাললৈ ব্যক্তিগত হাতী ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে ৷ ইপিনে, কাইলৈ অথবা পৰৱৰ্তী সময়ৰ বাবে যিসকল পৰ্যটকে ব্যক্তিগত হাতী ছাফাৰীৰ বাবে ছিট বুকিং কৰিছিল, তেওঁলোক ছাফাৰী কৰাৰ পৰা বঞ্চিত হ’ব ৷ বনবিভাগৰ মইমতালিৰ বাবেই পৰৱৰ্তী সময়ত যে কাজিৰঙা পৰ্যটনত ব্যাঘাত নজন্মিব তাক নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.