গোলাঘাট,14জুন : গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত । গোলাঘাটৰ মুৰফুলানি আৰু সুন্দৰপুৰ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছে বন্যহস্তীৰ জাকে । বন্য়হস্তীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান । কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ ।
কেইবাদিনো ধৰি এটা বৃহৎ বন্যহস্তীৰ জাকে চাহ বাগিচা আৰু ধাননি পথাৰত বিচৰণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে । এতিয়া নিশাতো বাদেই দিনৰ ভাগতে এনেদৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰিছে বন্যহস্তীৰ জাকে। বন্যহস্তীৰ ত্ৰাসৰ বাবে এতিয়া অনাহাৰে-অনিদ্ৰাই দিন কটাবলগীয়া হৈছে নুমলীগড়ৰ বকিয়াল,ৰংবং,সুন্দৰপুৰ ,নাহৰচলা আদি অঞ্চলৰ গাঁওবাসীয়ে । হাতী-মানুহৰ সংঘাত যেন বৰ্তমান নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে সমগ্ৰ গোলাঘাট জিলাত ।
লগতে পঢ়কঃসুশান্ত সিং ৰাজপুতৰ মুম্বাইস্থিত বাসগৃহৰ পৰিস্থিতি