গোলাঘাট,12 আগষ্টঃ গোলাঘাটত শিশু শ্ৰমিক আইন উলংঘা কাৰীৰ বিৰুদ্ধে অভিযান । গোলাঘাটত জিলা পৰ্যায়ৰ 'টাস্ক ফৰ্চ'ৰ বিশেষ অভিযানত উদ্ধাৰ আঠ গৰাকীকৈ শিশু শ্ৰমিক ৷ চহৰৰ মাজমজিয়াত চলোৱা এই অতৰ্কিত অভিযানত 4 জন ল'ৰা আৰু 4 গৰাকী ছোৱালীসহ মুঠ 8 জনকৈ 14 বছৰ বয়সৰ তলৰ শিশু শ্ৰমিক আৰু ভিক্ষাবৃত্তিৰ লগত জড়িত শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযান কাৰী দলটোৱে । উল্লেখ্য যে, গোলাঘাট নগৰৰ বিভিন্ন অঞ্চলত 14 বছৰতকৈ কম বয়সৰ শিশুক কম পাৰিশ্ৰমিকত কাম কৰাই মুনাফা অৰ্জন কৰি আছে একাংশ লোকে।
বিভিন্ন সময়ত উত্থাপিত হোৱা এনে অভিযোগৰ ভিত্তিত এই অভিযান চলায় Child Welfare Committee ৰ অধ্যক্ষা ড৹ লুকুমণি গোস্বামী, সহকাৰী শ্ৰম আয়ুক্ত অপূৰ্ব দাস, জিলা শিশু সুৰক্ষা বিষয়া বিকাশ ৰঞ্জন কোঁৱৰ, আইনী স্বেচ্ছাসেৱক অনামিকা বৰুৱা সহিতে গোলাঘাট সদৰ আৰক্ষী থানাৰ এটা দলে । অভিযানৰ সময়ছোৱাত জিলাখনৰ চহৰ অঞ্চলত ভিক্ষাবৃত্তিৰ লগত জড়িত আৰু বিভিন্ন কামত নিয়োজিত হৈ থকা 8 জন শিশুক অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
এইসকল শিশুক কিছুমান অভিভাৱকে ভিক্ষাবৃত্তিত জড়িত হ'বলৈ বাধ্য কৰাই নতুবা কোনো দুষ্টচক্ৰই ন্যস্তস্বাৰ্থ সিদ্ধিৰে ব্যৱসায়িক দৃষ্টিভংগীৰে মুনাফা লুটিবলৈ নিয়োগ কৰে । তাৰোপৰিও আৰ্থিক দৈন্যতাই কোঙা কৰা পৰিয়ালৰ শিশুসকলক বিভিন্ন প্ৰলোভনেৰে মধ্যবৃত্ত বা উচ্চবৃত্ত লোকে তেওঁলোকৰ ঘৰত বন কৰা কাৰ্যত নিয়োগ কৰা দেখা যায় ।
এনেকৈয়ে ধ্বংসৰ মুখলৈ ঠেলি দিয়া হয় দেশৰ ধৰণীস্বৰূপ ভৱিষ্যতৰ নাগৰিক নিষ্পাপ দেৱতুল্য এনেবোৰ শিশুক । কিন্তু শেহতীয়াকৈ এইসমূহ ঘটনাৰ বিৰুদ্ধে চলোৱা অভিযানক শলাগ লৈছে সচেতন মহলে । শিশু শ্ৰমিক আইন উলংঘা কৰা দোষী ব্যক্তিসকলক কঠোৰ আইন ব্যৱস্থা লোৱা হ'ব বুলি গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰিয়ে সাংবাদিকক জানিবলৈ দিয়ে । আনহাতে উদ্ধাৰ কৰা আঠোটাকৈ শিশুক Child Welfare Committee ওচৰত হাজিৰ কৰাই বিধিগত ব্যৱস্থা লোৱা হ'ব বুলি বিষয়াসকলে জানিবলৈ দিছে ।
লগতে পঢ়কঃহোজাইৰ ক্ষুদ্ৰ উদ্যোগী বিপুল চন্দ্ৰ দাসৰ কথাৰে ...