ETV Bharat / state

গোলাঘাটত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ

সোমবাৰে গোলাঘাট নগৰস্থিত ৰ'দালি পইণ্টত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই ।

গোলাঘাটত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ
গোলাঘাটত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ
author img

By

Published : Feb 1, 2021, 2:08 PM IST

গোলাঘাট, ১ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি গোলাঘাটত উত্তাল প্ৰতিবাদ । সোমবাৰে গোলাঘাট নগৰস্থিত ৰ'দালি পইণ্টত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই । সোণোৱাল মুৰ্দাবাদ,বিজেপি চৰকাৰ গ'বেক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে গোলাঘাটৰ ৰাজপথ ।

উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণক লৈ জাতিধ্বাংসী আইন কাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেওবাৰে তেজপুৰ আৰু শুৱালকুছিতো ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল । কিন্তু সেইসকল প্ৰতিবাদকাৰীৰ ওপৰত সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ আৰক্ষীৰ লোক জপিয়াই পৰে । তেজপুৰ আৰু শুৱালকুছিত ছাত্ৰ সন্থাৰ কৰ্মীৰ লগতে ছাত্ৰীৰ ওপৰত কৰা আক্রমণৰ প্ৰতিবাদত সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে গোলাঘাটত আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:গুৱাহাটী জিএছ ৰোডত সোমবাৰে মুকলি হ'ল দুখনকৈ পদপথ সেঁতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.