ETV Bharat / state

জামুগুৰিত পিষ্টলৰে সুৰাসক্ত বালি মাফিয়াৰ তাণ্ডৱ

গোলাঘাটৰ জামুগুৰিত হাতত পিষ্টল লৈ তাণ্ডৱ চলোৱা বালি মাফিয়াক আটক আৰক্ষীৰ ৷ অত্যাধিক সুৰা সেৱন কৰি তীব্ৰ বেগত পশুধনক হত্যা কৰাৰ লগতে চিআইএছএফৰ বাহনত খুন্দা মাৰিছিল বালি মাফিয়াটোৱে ৷

author img

By

Published : May 31, 2021, 7:38 PM IST

sand mafia create tensed situation in jamuguri
পিষ্টলৰে সুৰাসক্ত বালি মাফিয়াৰ তাণ্ডৱ

গোলাঘাট, 31 মে’ : গোলাঘাট জিলাৰ জামুগুৰিত হাতত পিষ্টল লৈ তাণ্ডৱ চলাইছে সুৰাসক্ত বালি মাফিয়াই ৷ অত্যাধিক সুৰা সেৱন কৰি তীব্ৰ বেগত AS-05-J-5391 নম্বৰৰ এখন জীপ বাহন চলাই অঞ্চলটোত সন্ত্ৰাস চলায় বালি মাফিয়াটোৱে । সুৰাৰ ৰাগিত নিয়ন্ত্ৰণ হেৰুৱাই পশুধনক হত্যা কৰাৰ লগতে খুন্দা মাৰে A-AS-05-C-6459 নম্বৰৰ এখন চিআইএছএফৰ বাহনত । অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে জোৱানসকলৰ ৷

পিষ্টলৰে সুৰাসক্ত বালি মাফিয়াৰ তাণ্ডৱ

বৰ্তমান জামুগুৰি আৰক্ষী থানাৰ জিম্মাত আছে ধৃত সুৰাসক্ত বালি মাফিয়া ৰোহিনী কুমাৰ গগৈ । আটকাধীন বালি মাফিয়াটোৰ পৰা পইণ্ট 22 পিষ্টল জব্দ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, দেওবাৰে সন্ধিয়া ভাগত সুৰাৰ ৰাগিত মাতাল হৈ প্ৰথমে জামুগুৰি ষ্টেচনৰ বাইপাছত এজোপা গছত খুন্দা মাৰি পথাৰত সোমাই পৰে যদিও তাৰপৰা পলায়ন কৰে বালি মাফিয়াটো ৷ ইয়াৰ পাচতে দলৌজানত এটা পশুধনক খুন্দিয়াই হত্যা কৰে । ইমানতো ক্ষান্ত নাথাকি বালি মাফিয়াটো ওৱাটিঙত চিআইএছএফৰ জোৱান ভৰ্তি বাহনত খুন্দা মাৰে ৷

উক্ত ঘটনাৰ পাচতেই ৰোহিনী কুমাৰ গগৈয়ে পলায়ন কৰাৰ চেষ্টা চলায় যদিও চিআইএছএফ আৰু স্থানীয় ৰাইজৰ সহযোগত তেওঁৰ বাহনখন জব্দ কৰি জামুগুৰি আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰোহনী কুমাৰ গগৈক আটক কৰে । উল্লেখ্য যে, ধৃত ৰোহিনী কুমাৰ গগৈয়ে বিগত বৰ্ষত ‘কা’ আন্দোলনৰ সময়ত খুমটাইত কংগ্ৰেছী নেতাৰ বাসগৃহলৈ গুলিবৰ্ষণ কৰি কাৰাবাস খাটিছিল ৷

লগতে পঢ়ক : পাঠশালাত অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.