গোলাঘাট, 9 অক্টোবৰ: গোলাঘাটৰ বৰপথাৰত এতিয়া সুলভ নিষিদ্ধ ড্ৰাগছ ৷ আৰক্ষী থানাৰ পৰা কিছু নিলগত দিনতেই ড্ৰাগছ সেৱন কৰে বহু যুৱকে ৷ গোলাঘাটৰ বৰপথাৰ আৰক্ষী থানাৰ পৰা কিছু নিলগত বৰপথাৰ নগৰৰ মাজ-মজিয়াৰ এটি গলিত বুধবাৰে পুৱা এজন যুৱকে ড্ৰাগছ সেৱন কৰি পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ব্যৱসায়ীসকলে ৷ প্ৰতক্ষ্যদৰ্শী সকলে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ থানালৈ লৈ যায় যুৱকজনক৷
দিনে নিশাই উক্ত স্থানত ড্ৰাগছ আসক্ত যুৱক সকল আহি নিচা সেৱন কৰে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷ লগতে এনে যুৱকসকলে পৰিবেশ বিনষ্ট কৰিছে যদিও আৰক্ষীয়ে কোনো সক্ৰিয়তা দেখুওৱা নাই বুলি অভিযোগ কৰে স্থানীয় লোকসকলে ৷ উৰিয়ামঘাটৰ পৰা ড্ৰাগছ ব্যৱসায়ীয়ে এহাজাৰ টকাৰ বিনিময়ত বৰপথাৰত নিসিদ্ধ ড্ৰাগছ খিনি দি যায় বুলি জানিবলৈ দিয়ে ড্ৰাগছ আসক্ত যুৱকজনে ৷