ETV Bharat / state

বৰপথাৰৰ টেঙানিত চুলাই ঘাটি উৎখাত

বৰপথাৰ আৰক্ষীয়ে এক অভিযান চলাই টেঙানিত এটা বৃহৎ চুলাই ঘাটি উৎখাত কৰাৰ লগতে প্ৰায় 2 হেজাৰ লিটাৰৰো অধিক চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি বিতুল শইকীয়া নামৰ গৰাকী ব্যক্তিয়ে দীৰ্ঘদিনৰ পৰা এই মদৰ ঘাটিটো চলাই আহিছিল ৷

disposed local liquor at barpathar
বৃহৎ চুলাই ঘাটিত বৰপথাৰ আৰক্ষীৰ উচ্ছেদ অভিযান
author img

By

Published : Jun 4, 2021, 10:48 PM IST

সৰুপথাৰ, 4 জুন : গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষীয়ে টেঙানিত এটা বৃহৎ চুলাই ঘাটি উৎখাত কৰাৰ লগতে প্ৰায় 2 হেজাৰ লিটাৰৰো অধিক চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয় ৷ জানিব পাৰা মতে, 1 নং টেঙানিত বহুদিনৰে পৰা এটা বৃহৎ চুলাই মদৰ ঘাটি চলি থকাৰ খবৰ পাই টেঙানী গাঁওৰক্ষী বাহিনীৰ সহযোগত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোছেফ ভি কেভমৰ নেতৃত্বত যোৱা এটা ঘাটিটোত উৎখাত অভিযান চলাই ৷

আৰক্ষী দলে ঘাটিটোত অভিযান চলাই প্ৰায় 2 হেজাৰ লিটাৰৰো অধিক চুলাই মদ নষ্ট কৰাৰ লগতে মদ তৈয়াৰৰ কামত ব্যৱহাৰ কৰা সামগ্ৰী ভাঙি ধ্বংস কৰে ৷ আৰক্ষী যোৱাৰ খবৰ পাইয়ে ঘাটিটোৰ মালিক সহ আন সকল পলাই যায় ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি বিতুল শইকীয়া নামৰ ব্যক্তি গৰাকীয়ে দীৰ্ঘদিনৰ পৰা এই মদৰ ঘাটিটো চলাই আহিছিল ৷ স্থানীয় ৰাইজে এই মদৰ ঘাটিটো উৎখাত কৰাত সন্তুষ্টি প্ৰকাশ কৰি অভিযুক্ত বিতুল সহ আন সকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবি জনাইছে ৷

লগতে পঢ়ক: ঠিকনা সলনি হ’ব সৰ্বানন্দ সোণোৱালৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.