ETV Bharat / state

অসম-নগালেণ্ড সীমান্ত উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন সঞ্চালক-উপ সচিবৰ - DB Malakar, surajit Bora

মঙলবাৰে সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তত উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে অসম চৰকাৰৰ সীমান্ত উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব তথা সঞ্চালক ডি বি মালাকাৰ আৰু উপ-সচিব সুৰজিৎ বৰাই । অসম চৰকাৰৰ সীমান্ত উন্নয়ন বিভাগৰ আঁচনিৰ পুঁজিৰে সীমান্ত অঞ্চলত বিভিন্ন উন্নয়নমূলক কাম কৰি থকা হৈছে ।

Director D B Malakar and Surajit Bora visited Assam Nagaland Border
সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তত উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন
author img

By

Published : Jun 22, 2021, 6:02 PM IST

সৰুপথাৰ, ২২ জুন: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তত বিভিন্ন উন্নয়নমূলক কাম চলি আছে । সীমান্ত অঞ্চলৰ দুৰ্গম এলেকাৰ পথবোৰ নিৰ্মাণ, খোৱা পানীৰ ব্যৱস্থা, বিদ্যালয় নিৰ্মাণ আদি কামবোৰ পৰ্যায়ক্ৰমে কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । মঙলবাৰে উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে অসম চৰকাৰৰ সীমান্ত উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব তথা সঞ্চালক ডি বি মালাকাৰ আৰু সুৰজিৎ বৰা ।

সীমান্ত উন্নয়ন বিভাগৰ উচ্চ-পদস্থ বিষয়া কেইগৰাকীয়ে মহকুমাটোৰ এ,বি আৰু চি চেক্টৰৰ অন্তৰ্গত চেতিয়া গাঁও, ৰোমানবস্তি, চেইনপুৰ, ঘোলাপানী আদি ঠাইৰ বি অ’ পি কেম্পসমূহ পৰিদৰ্শন কৰে । লগতে উৰিয়ামঘাটত নিৰ্মাণ কৰা এটা সাংস্কৃতিক ভৱনৰ লগতে সীমান্ত উন্নয়ন বিভাগৰ আবণ্টিত পুঁজিৰে নিৰ্মাণ কৰা বিভিন্ন আঁচনিৰ কাম-কাজসমূহৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰি কামৰ বুজ লয় । জানিব পৰা মতে, সীমান্ত উন্নয়ন বিভাগৰ উচ্চ পদস্থ বিষয়া কেইগৰাকীৰ লগত ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ কৃষাণ জ্যোতি ডেকা আৰু বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীও উপস্থিত থাকে ।

Director D B Malakar and Surajit Bora visited Assam Nagaland Border
সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তত উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন

সীমান্তৰ গাঁওসমূহত স্বাস্থ্য খণ্ডত নিয়োগ হৈ থকা চিকিৎসক আৰু অন্যান্য বিষয়া তথা স্বাস্থ্য কৰ্মীসকলৰ বাবে আৱাস নিৰ্মাণ । হাস্পতালসমূহত চিকিৎসা সম্পৰ্কীয় সা-সঁজুলিৰ ব্যৱস্থা কৰা, গাঁও অঞ্চলত এম্বুলেন্সৰ ব্যৱস্থা কৰা আদিও সীমান্ত উন্নয়ন আঁচনিৰ অধীনত সামৰি লোৱা হৈছে । আনহাতে, অসম-নাগালেণ্ড সীমান্তৰ গাঁৱত বাস কৰা লোকসকলে প্ৰায়েই নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'বলগীয়া হয় ।

নগাৰ আগ্ৰাসনৰ বাবে সীমান্তত থকা অসমীয়া লোকে চৰম অনিশ্চয়তাত দিন অতিবাহিত কৰিবলগীয়া হৈছে । সীমান্ত অঞ্চলত বাস কৰা লোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা লৈছে যদিও সেয়া সম্পূৰ্ণৰূপে ফলপ্ৰসু হোৱা নাই । অঞ্চলবাসীক প্ৰাথমিক সুবিধাখিনি প্ৰদান কৰাৰ বাবে উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে চৰকাৰে । অসম চৰকাৰে নাগালেণ্ডৰ সৈতে সীমা বিবাদ সমাধান আৰু নগাৰ আগ্ৰাসন নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ট্ৰাক হাইজেক কাণ্ডঃ সৰ্থেবাৰীত তিনিজন অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.