সৰুপথাৰ, ২৬ জুন: সৰুপথাৰৰ গোলাঘাট দক্ষিণ খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত চুঙাজান মাজগাঁও পঞ্চায়তৰ মাজগাঁও-আমগুৰি সংযোগী পথটোৱে বিধ্বস্ত ৰূপ ধাৰণ কৰিছে। বিগত দহ বছৰে চৰকাৰে এই পথটো মেৰামতি নকৰাৰ ফলত পথছোৱা বোকাময় হৈ বিধস্ত ৰূপ ধাৰণ কৰাৰ অভিযোগ গাঁওবাসীৰ।
স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ পথাচাৰীয়ে বহু কষ্টৰে এই পথেৰে অহা যোৱা কৰিবলগীয়া হয় বুলি জনাই গাঁওবাসীয়ে। ইপিনে গাঁওবাসীৰ অভিযোগ অনুসৰি পথৰ দুৰৱস্থাৰ বাবে গাঁও খনলৈ নাহে ১০৮ মৃত্যুঞ্জয় সেৱা। চৰকাৰ আহিছে আৰু গৈছে কিন্তু কোনো এখন চৰকাৰৰ গ্ৰাম্য উন্নয়ন আঁচনিয়ে এই পথছোৱা ঢুকি নাপালে বুলি অভিযোগ দিয়ে গাঁওবাসীৰ। সেয়ে স্থানীয় ৰাইজে এই পথছোৱা মেৰামতি কৰিবৰ বাবে চৰকাৰক দাবী জনায়।