বোকাখাত, 26 আগষ্ট: বোকাখাতৰ বৰচাপৰীত বৃহস্পতিবাৰে নিশা এখন ডিজেল পৰিবাহী ট্ৰেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হয় (Diesel filled tanker accident)। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰেংকাৰখনৰ পৰা নিৰ্গত হয় তেল । ইয়াৰ পাছতে যেন বোকাখাতৰ বৰচাপৰীত তেলৰ উজান উঠে । সকলোৱে হাতে হাতে কাঁহি বাতি, বাল্টি, গিলান লৈ ব্যস্ত হৈ পৰে তেল সংগ্ৰহ কৰাত । তেল নিৰ্গত হোৱাৰ ফলত হ’ব পৰা সম্ভাব্য বিপদকো আওকান কৰি দুৰ্ঘটনাত পতিত ট্ৰেংকাৰৰ তলত সোমাই তেল উঠোৱাত ব্যস্ত হয় একাংশ ।
দুৰ্ঘটনাৰ এই খবৰ লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত সাংবাদিকৰ দলে সমূহ দৃশ্য বন্দী কৰাৰ চেষ্টা কৰে ৷ ইয়াতেই ক্ষোভিত হৈ পৰে তেল সংগ্ৰহৰ বাবে সেই স্থানত থকা একাংশ স্থানীয় যুৱক ৷ যুৱকৰ দলটোৱে সাংবাদিকসকলক লাঠি ডাঙি প্ৰহাৰ কৰাৰো ভাবুকি প্ৰদান কৰে ।
উল্লেখ্য যে, NRL ৰ পৰা তেল পৰিবহণ কৰি নামনি অসমলৈ কঢ়িয়াই নিয়া অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল NL.01K 8341 নম্বৰৰ ট্ৰেংকাৰখন । ইফালে, ড্ৰিজেল ভৰ্তি ট্ৰেংকাৰখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰাৰ পাছতে চালক আৰু হেণ্ডিমেনে সেই স্থানৰ পৰা পলায়ন কৰে ।
ইফালে স্থানীয় একাংশ লোকে জানিব দিয়া অনুসৰি, তেল পৰিবাহী ট্ৰেংকাৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে জুই জ্বলি উঠাও প্ৰত্যক্ষ কৰিছিল ৷ অৱশ্যে সেই স্থানত বোকাখাত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
লগতে পঢ়ক: তিতাবৰৰ খৰিকটীয়াত দুৰ্ঘটনাগ্ৰস্ত ডিজেল ভৰ্তি টেংকাৰ