ETV Bharat / state

খুমটাইৰ আধাৰসত্ৰত নিৰ্মিত ধনশিৰি নদীবান্ধত বৃহৎ ফাট - দুৰ্যোগ প্ৰশমন বিভাগ অসম চৰকাৰ

অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ আঁচনিৰ অধীনত প্ৰায় 3 কোটি 22 লাখ টকাৰে ধনশিৰি নদীৰ ওপৰত নিৰ্মিত বৃহৎ বান্ধ এবছৰ সম্পূৰ্ণ নহওতেই বান্ধটোৰ বহু অংশত মেলিছে বৃহৎ ফাট, ঠিকাদাৰৰ বিৰুদ্ধে ধন আত্মসাৎৰ অভিযোগ

খুমটাইৰ আধাৰসত্ৰত নিৰ্মিত ধনশিৰি নদীৰ বৃহৎ বান্ধত বৃহৎ ফাট
author img

By

Published : Aug 14, 2019, 7:30 PM IST

খুমটাই, 14 আগষ্টঃ অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ আঁচনিৰ অধীনত প্ৰায় 3 কোটি 22 লাখ টকাৰে ধনশিৰি নদীৰ ওপৰত নিৰ্মিত বৃহৎ বান্ধ এবছৰ সম্পূৰ্ণ হ'বলৈ নাপাওতেই বান্ধটোৰ বহু অংশত বৃহৎ ফাটমেলি চপৰা চপৰে খহিবলৈ আৰম্ভ কৰিছে ৷ বৃহৎ পানী যোগান আঁচনিৰ প্ৰতি লক্ষ্য ৰাখি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই শুভাৰম্ভণি কৰা উক্ত বান্ধটো খহনীয়াৰ কবলত পৰাত স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে ৷ গোলাঘাটৰ ফিজুছ দাস, দেবেন ৰাজখোৱা, আৰু দুগৰাকী আগৰৱালা উপাধিৰ ঠিকাদাৰে বান্ধটো নিমাৰ্ণৰ বাবে ধনৰ আৱন্তন পাইছিল যদিও অতি নিম্নমানৰ কাম কৰি বহু কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ৷

খুমটাইৰ আধাৰসত্ৰত নিৰ্মিত ধনশিৰি নদীৰ বৃহৎ বান্ধত বৃহৎ ফাট

উল্লেখযোগ্য যে, এই বৃহৎ বান্ধটো সোনকালে যদি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ নকৰে তেন্তে আধাৰসত্ৰকে ধৰি বৃহৎ পানী যোগান আঁচনি নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা আছে ৷ এতিয়া গোলাঘাটৰ ৰাইজে ঠিকাদাৰ কেইগৰাকীয়ে কৰা কামৰ ওপৰত বিশেষ তদন্ত কৰিবলৈ গোলাঘাট জিলা উপায়ুক্তক দাবী জনোৱাৰ লগতে অতি শীঘ্ৰে বান্ধটো পুনৰ নিমাৰ্ণ কৰিবলৈ দাবী জনাইছে ৷

Intro:খুমটাইৰ আধাৰসত্ৰৰ যি বৃহৎ পানী যোগান আচনী সমষ্টি ভিত্তিত এতিকৈ চৰকাৰে আগবঢ়াইছিল সেই পানী যোগান আচনী বৰ্তমানে ধনশিৰি গড়াখহনীয়াত যাহ যাবলৈ আৰু মাত্ৰ ১৫ মিটাৰ বাকী থকাৰ সময়তেএই বৃহৎ পানী যোগান আচনী ৰক্ষনাবেশনৰ উপৰত লক্ষ্য ৰাখিএটি বান্ধ নিৰ্মাণৰপ্ৰায়৩ কোটি ২২লাখ টকাৰ মুকলাই দিছিল বৰ্তমানৰ চৰকাৰখনে।এই আচনীখন মুকলি কৰিছি খুমটাইৰ সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই যোৱা বৰ্ষত।Body:অসমচৰকাৰৰ দুয্যোৰ্গ প্ৰশমন বিভাগৰ আচনীৰ অধিনত প্ৰায় ৩কোটি২২লাখ টকাৰে নিৰ্মিত ধনশিৰি নদীৰ ওপৰত বৃহৎ বান্ধ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই।যোৱাবৰ্ষত আৰম্ভ হোৱা এই বান্ধ ইতিমধ্যে চপৰা চপৰে খহিবলৈ আৰম্ভ কৰিছে। বৃহৎ বৃহৎ ফাটমেলি বহু অংশ তললৈ বহি যাবলৈ আৰম্ভ কৰিছে। বৃহৎ পানী যোগান আচনী প্ৰতি লক্ষ্য ৰাখি এই বান্ধ নিৰ্মাণ কৰিছিলে যদিও এতিয়া খহনীয়াৰ কবলত এই বৃহৎ পানী যোগান আচনী যাহ যোৱাত স্থানীয় ৰাইজে আশংকা প্ৰকাকৰিছে।গোলাঘাট ৰ ফিজুছ দাস, দেবেন ৰাজখোৱা, আৰু দুখৰাকী আগৰৱালা উপাধিৰ ঠিকাদাৰে কামৰ আৱন্তন পাইছিল। এই ঠিকাদাৰ কেইগৰাকী যে নিম্নমানৰ কাম কৰি বহু কুটি টকাৰ লুণ্ঠন কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। এই বৃহৎ বান্ধতোত সোনকালে যদি পুন নিৰ্মাণৰ কাম আৰম্ভ নকৰে তেতিয়াহলে আধাৰসত্ৰকে ধৰি বৃহৎ পানী যোগান আচনী নিহশেষ হৈ যাব। ঠিকাদাৰ কেইগৰাকীযে কৰা কামৰ ওপৰত বিশেষ তদন্ত আৰম্ভ কৰি এই ক্ষেত্ৰত গোলাঘাট জিলা উপাউক্তক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ৰাইজে আনুৰোধ জনাইছে।Conclusion:Byte 1/স্থানীয় ব্যক্তি

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.