ETV Bharat / state

দেৰগাঁও আৰক্ষীৰ জালত গভাইত গাড়ী চোৰ - Golaghat

মুখ্যমন্ত্ৰীৰে হোৱা সভাৰ পাছতেই অধিক তৎপৰ হৈছে আৰক্ষী ৷ আৰক্ষীয়ে অপৰাধমূলক কাৰ্য-কলাপ ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । দেৰগাঁও আৰক্ষীয়ে সোমবাৰে এটা গভাইত গাড়ী চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

দেৰগাঁও আৰক্ষীৰ জালত গভাইত গাড়ী চোৰ: বলেৰ' পিক আপ ভান উদ্ধাৰ

author img

By

Published : Jul 7, 2021, 12:38 PM IST

দেৰগাঁও, 7 জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ৰে হোৱা সভাৰ পাছতেই আৰক্ষী (Assam Police)ৰ মাজত দেখা গৈছে নতুন উদ্যম ৷ গুৱাহাটীত ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ আলাপৰ পাছতেই এতিয়া যেন নতুন গতি লাভ কৰিছে আৰক্ষীয়ে । সমান্তৰালভাৱে দেৰগাঁও আৰক্ষী (Dergaon Police)ও হৈ পৰিছে অধিক তৎপৰ । ইটোৰ পাছত সিটোকৈ ৰোধ কৰিবলৈ চেষ্টা কৰিছে অপৰাধমূলক কাৰ্য-কলাপ ।

মুখ্যমন্ত্ৰী শৰ্মা (Himanta Biswa Sarma)ই ৰাজ্যৰ আৰক্ষী বিভাগক অধিক তৎপৰ হ'বলৈ আহ্বান জনাইছিল । ইয়াৰ পাছতেই অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে আৰক্ষী । সোমবাৰে দেৰগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এটা গভাইত গাড়ী চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । যোৰহাট বৰিগাঁৱৰ ইন্দ্ৰ দাস নামৰ চোৰটোৱে দেৰগাঁৱৰ কুমাৰগাঁৱত আত্মগোপন কৰি আছিল ।

দেৰগাঁও আৰক্ষীৰ জালত গভাইত গাড়ী চোৰ: বলেৰ' পিক আপ ভান উদ্ধাৰ

ইতিমধ্যে ঘটনা সংক্ৰান্তত দেৰগাঁও থানাত ভাৰতীয় দণ্ডবিধি আইন (IPC)ৰ 379 ধাৰাত 255/2021 নং এটি গোচৰ পঞ্জীভুক্ত কৰি আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়াই মঙলবাৰে বহুসময় খাপ পিটি এখন চুৰি বলেৰ' পিক আপ ভান (Bolero Pickup van) জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষী সূত্ৰৰ তথ্য মতে, গোলাঘাট জিলাখনত এটা বৃহৎ গাড়ী চুৰি চক্ৰ সক্ৰিয় হৈ আছে আৰু অতি শীঘ্ৰেই এই চক্ৰটোৰ সৈতে জড়িত হৈ থকা প্ৰতিজন ব্যক্তিয়েই আৰক্ষীৰ জালত পৰিব । ইতিমধ্যে আৰক্ষীয়ে নিজৰ জাল চপাই আনিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক (Golaghat district Deputy superintendent of police) মাধুৰ্য বৰুৱাই ।

লগতে পঢ়ক : শোণিতপুৰত অবৈধ বিলাতী সুৰা জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.