দেৰগাঁও, 27 ছেপ্টেম্বৰঃ দেৰগাৱঁত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । দেৰগাঁৱৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ ভুক্তভুগী ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ জালত পৰে কলেজখনৰে স্নাতক প্ৰথম বৰ্ষৰ এজন ছাত্ৰ। অভিযোগ অনুসৰি ছাত্ৰজনে এটা হোৱাটছএপ গ্ৰুপত ভাইৰেল কৰিছিল ছাত্ৰী গৰাকীৰ অশ্লীল ভিডিঅ'। আনহাতে ফেচবুকটো ছাত্ৰী গৰাকীক উদ্দেশ্যি অশ্লীল মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে ছাত্ৰগৰাকীৰ বিৰুদ্ধে ৷ ফলত বুধবাৰে গোলাঘাট আৰক্ষীয়ে আটক কৰি নিজৰ জিম্মাত ৰাখিছে ছাত্ৰজনক ।
কিন্তু তাৎপৰ্যপূৰ্ণ কথা এইয়ে যে, ছাত্ৰীগৰাকীৰ এজাহাৰ দাখিল কৰাৰ পূৰ্বেই ছাত্ৰী গৰাকীৰ বিৰুদ্ধে দেৰগাওঁ থানাত এজাহাৰ দাখিল কৰিছিল ছাত্ৰজনে ৷ এজাহাৰত উল্লেখ কৰা অনুসৰি কেইজন মান ছাত্ৰৰ সহযোগত কলেজ চৌহদত বিনা কাৰণত মাৰ-ধৰ কৰি আঠু কঢ়াইছিল ছাত্ৰজনক। এই ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ এতিয়া আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব প্ৰকৃততে কোন সঁচা,কোন মিছা ।
ইফালে গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াই বৰ্তমান কলেজৰ প্ৰায় ৮/ ৯ জনীয়া এটা ছাত্ৰ-ছাত্ৰীৰ দলক জেৰা অব্যাহত ৰাখিছে। আনহাতে ছাত্ৰী গৰাকীয়ে ভাইৰেল হোৱা অশ্লীল ভিডিঅ’টো তেওঁৰ নহয় বুলি দাবী কৰিছে ।
লগতে চাওকঃ মৌ-মাখিৰে হাতীৰ সুৰক্ষা; ৰে'ল বিভাগৰ বিশেষ পুৰস্কাৰ