ETV Bharat / state

স্বচ্ছ ভাৰত অনাময় আঁচনিৰ নামত ঠিকাদাৰৰ লুণ্ঠন - স্বচ্ছ ভাৰত অভিযান অনাময় আঁচনি

গোলাঘাট কাকডোঙাত স্বচ্ছ ভাৰত অভিযান অনাময় আঁচনিৰ উন্মোচিত নগ্ন ছবি ৷ তিনিমাহেও নিৰ্মাণ সম্পূৰ্ণ নহ'ল শৌচালয়ৰ ৷

তিনিমাহে সম্পূৰ্ণ নহ'ল স্বচ্ছ ভাৰত অনাময় আঁচনি শৌচালয়
author img

By

Published : Aug 27, 2019, 7:39 PM IST

গোলাঘাট, 27 আগষ্টঃ গোলাঘাটৰ কাকডোঙাত উন্মোচিত হৈছে স্বচ্ছ ভাৰত অভিযান অনাময় আঁচনিৰ পয়াঁলগা দৃশ্য ৷ দৰিদ্ৰ ৰাইজৰ শৌচালয় নিৰ্মাণত পৰিলক্ষিত হৈছে ব্যাপক অৱহেলা ৷ কাকডোঙা ডুবিয়াল গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি দুলুমনী বৰা নামৰ লোকজনৰ ঘৰত বিভাগীয় ঠিকাদাৰে চৰম হেমাহিৰ পৰিচয় দি চিমেন্ট আৰু বালি ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কৰি উলিওৱা শৌচালয়টোৱে বিভাগীয় অকৰ্মণ্যতাক পুনৰবাৰ প্ৰমাণিত কৰিলে ৷ নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি অনাময় আঁচনি শৌচালয় নিৰ্মাণ কৰা ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰ কিম্বা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নে নাই সেয়া সময়তহে লক্ষণীয় হব ৷

Intro: চৰকাৰী এখন পয়ালগা অভিলাষী আঁচনি ছবি পিছে কি এইখন চৰকাৰী পয়ালগা অভিলাষী আঁচনি চাওক আমাৰ এই প্ৰতিবেদন !Body:পৰিবর্তনকামী চৰকাৰৰ এইখন পয়ালগা অভিলাষী চৰকাৰী আঁচনি কাম তিনিটা মাহে সম্পূৰ্ণ নহল, নিশ্চয় আপুনি এই দৃশ্য দেখি বুজিব পৰা নাই কি এইখন অভিলাষী আঁচনি । হয় গোলাঘাট কাকডোঙাত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অনাময় আঁচনি শৌচালয়ৰ টেংকীৰ অৱস্থা এয়া । চিমেন্ট আৰু বালি ব্যৱহাৰ নকৰাকৈ ঠিয় ঠিয়কৈ ইটা দি কাকডোঙা ডুবিয়াল গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি দুলুমনী বৰা নামৰ লোকজনৰ ঘৰত নিৰ্মাণ কৰিছে এই ব্যতিক্ৰমী শৌচালয় টেংকী । কেমেৰা সন্মুখত টেংকীত ব্যৱহাৰ কৰা নিম্ন মানদণ্ডৰ চপৰা-চপৰে এৰাইছে ইটা নাই টেংকীৰ ওপৰত কোনো প্লেট । তিনিমাহৰ পূৰ্বে নিৰ্মাণ কৰা শৌচালয়তো সম্পূৰ্ণ নকৰিলে গোলাঘাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰে । সেয়ে নতুন শৌচালয় পোৱাৰ আশাত পূৰ্বৰ জৰ্জৰিত শৌচালয়তো ভাঙি পেলোৱাত এতিয়া বেলেগ লোকৰ ঘৰত মল ত্যাগ কৰিব লগাত বিপাঙত পৰে দৰিদ্ৰ পৰিয়ালটো ।

এই প্ৰতিবেদন দেখা পিছত নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি অনাময় আঁচনি শৌচালয় নিৰ্মাণ কৰা ঠিকাদাৰ বিৰুদ্ধে চৰকাৰ কিম্বা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নে সেয়া সময়তহে লক্ষণীয় হব ?
Conclusion:Byte 1: হিতাধিকাৰী
গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.