ETV Bharat / state

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিচতেই গোলাঘাটত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ অভিযান

author img

By

Published : Mar 2, 2023, 7:55 PM IST

ৰাজ্যত পাৱাৰ লুমৰ গামোচা, মেখেলা-চাদৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ইয়াৰ পিচতেই গোলাঘাট চক বজাৰৰ কেইবাখনো দোকানত অভিযান চলায় হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে (Department of Handloom Textile Industries raid) ৷

Department of Handloom Textile Industries raid in Golaghat
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিচতেই গোলাঘাটত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ অভিযান
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিচতেই গোলাঘাটত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ অভিযান

গোলাঘাট, 2 মাৰ্চ: মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই পাৱাৰ লুমৰ গামোচা, মেখেলা-চাদৰৰ বিৰুদ্ধে গোলাঘাটত তীব্ৰ অভিযান চলাই হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে (Handloom Textile Industries department)। বৃহস্পতিবাৰে অতৰ্কিতে গোলাঘাট চক বজাৰত অভিযান চলালে হস্ততাঁত বস্ত্ৰ শিল্প বিভাগটোৱে। হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে কেইবাখনো দোকানত অভিযান চলাই এখন দোকানৰ পৰা পাৱাৰ লুমৰ গামোচা জব্দ কৰে অভিযানকাৰী দলটোৱে (Raid in Golaghat)।

অৱশ্যে বোৱা গামোচাসমূহৰ ক্ৰয়ৰ ৰচিদ বৰ্তমানলৈ দেখুৱাবলৈ সক্ষম হোৱা নাই ব্যৱসায়ীসকলে । ইফালে জব্দকৃত গামোচাৰ পৰীক্ষাৰ অন্তত বে-আইনীভাৱে বিক্ৰী ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে (Department of Handloom Textile Industries raid)।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যিকোনো এটা বিভাগে নিজৰ দায়িত্ব পালনৰ বাবে কিয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈ বাট চাব লাগে। ইয়াৰ পূৰ্বেই বিভাগটোৱে পাৱাৰ লুমৰ গামোচা, মেখেলা-চাদৰৰ বিৰুদ্ধে অভিযান চলাব লাগে যদিও কোনোধৰণৰ কাণসাৰ নিদিলে বিভাগটোৱে ।

হঠাৎ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই অভিযান চলাব লগা হোৱাত সম্পূৰ্ণ প্ৰস্তুত নাছিল অভিযানকাৰী দলটো । তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে বৰ্তমান সময়ত জিলাখনত কিমান বোৱা গামোচা প্ৰস্তুত কৰা হয় বা কিমান শিপিনী আছে তাৰ তথ্য হাতত নাই বিভাগটোৰ বিষয়াৰ । প্ৰকৃততে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ বাবেহে যে এই অভিযান চলাইছে তাকে প্ৰমাণ কৰিলে বিভাগটোৱে ।

উল্লেখ্য যে, যোৱা 1 মাৰ্চৰ পৰা 14 এপ্ৰিললৈ ৰাজ্যত পাৱাৰ লুমৰ গামোচা, মেখেলা-চাদৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা হ'ব বুলি 28 ফেব্ৰুৱাৰীত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) । ব্যৱসায়ীসকলক পাৱাৰ লুমত প্রস্তুত কৰা গামোচা, মেখেলা-চাদৰ অসমলৈ আমদানি আহ্বান জনাইছিল মুখ্যমন্ত্রীগৰাকীয়ে ৷ লগতে তেওঁ ঘোষণা কৰিছিল যে ইতিমধ্যে চৰকাৰে অসমৰ থলুৱা শিপিনীয়ে প্ৰস্তুত কৰা গামোচা ক্ৰয় কৰিছে ৷

এতিয়া সেইবোৰহে বজাৰত উলিয়াই দিয়া হ’ব। আগতে চৰকাৰী অনুষ্ঠানতো পাৱাৰ লুমত প্রস্তুত হোৱা গামোচা ব্যৱহাৰ হৈছিল । ভাৰত চৰকাৰে কেতিয়াবাতে পাৱাৰ লুমৰ গামোচা, মেখেলা-চাদৰ ব্যৱহাৰত বাধা প্ৰদান কৰি আহিছে । অসমত ১২ লাখ শিপিনী আছে। ৰাজ্যত বিগত সময়ত পাৱাৰ লুমৰ গমোচাই বজাৰ দখল কৰাৰ বাবে থলুৱা গামোচা বিক্ৰী হোৱা নাছিল ৷ ফলত অসমৰ শিপিনীসকলৰ হাতে বোৱা গামোচাসমূহে উচিত মূল্য লাভ কৰা নাছিল ৷

লগতে পঢ়ক: Bajranglal Nahata Memorial Sports Week: নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত দ্বিতীয় বজৰংগলাল নাহাতা সোঁৱৰণী ক্ৰীড়া সপ্তাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.