ETV Bharat / state

আজমলে পাৰে যদি হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে কিয় ? এ পি ডব্লিউৰ কটাক্ষ - Assam Public Works

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

APW Press meet : এইবাৰ মিঞা প্ৰসংগৰে মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ অসম পাব্লিক ৱৰ্কছ । অসমত ভৱিষ্যতে অসমীয়াক সুৰক্ষিত কৰিবলৈ মুখ্য়মন্ত্ৰীক আহ্বান অসম পাব্লিক ৱৰ্কছৰ সভাপতিৰ ।

APW Press meet
অসম পাব্লিক ৱৰ্কছৰ সভাপতি আভিজিত শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ২১ ছেপ্টেম্বৰ: এইবাৰ মিঞা প্ৰসংগত সৰৱ হৈছে অসম পাব্লিক ৱৰ্কছ (এ পি ডব্লিউ)ৰ সভাপতি আভিজিত শৰ্মা । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ লগতে মিঞা প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বদৰুদ্দিন আজমলৰ দৰে ফাউণ্ডেচন খুলি ভৱিষ্য়তে অসমীয়া জাতিটোক সুৰক্ষিত কৰিবলৈ আহ্বান জনালে এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে ।

  • মিঞা বিদ্বেষৰ কাৰণ কি ?

প্ৰ'টেক জেহাদ প্ৰসঙ্গৰ পিছত এইবাৰ অসম পাব্লিক ৱৰ্কছৰ সভাপতি আভিজিত শৰ্মাৰ আন এক প্ৰশ্ন," যদি আজমলে পাৰে, হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে কিয় ?" শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে কয়,"শেহতীয়াকৈ অসমত উজনি-নামনি কেন্দ্রিক এক বিভাজন তথা উজনি অসমৰ পৰা মিঞা বিতাড়নৰ আন্দোলন আৰম্ভ হৈছে । উজনিত হুংকাৰ দিছে আৰু জাকে জাকে মিঞা পলাইছে । আমি জনাত মিঞাবোৰ মানুহ । গৰু ছাগলী নহয় । মিঞা বিদ্বেষৰ কাৰণ কি ? মিঞাবোৰ বাৰু অসমীয়া নহয় । কিন্তু প্রথম আৰু প্রধান প্রশ্ন হ'ল মিঞাবোৰ ভাৰতীয় হয় নে নহয় ? আকৌ সুধিছো-মিঞাবোৰ ভাৰতীয় হয় নে নহয় ? "

এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে মিঞাবোৰ ভাৰতীয় হয় নে নহয় বুলি প্ৰশ্ন উত্থাপন কৰি কয়," যদি তেওঁলোক ভাৰতীয় নহয়, প্রায় ডেৰ কোটি মানুহ অসমত কিয় আৰু কেনেকৈ আছে ? উজনিয়ে খেদি দিব আৰু মিঞাৰ নামনিত উজান উঠিব, এয়া কেনে কথা ?"

  • আজমলক প্ৰশংসা এ পি ডব্লিউৰ সভাপতিৰ

এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমলক প্ৰশংসাৰে উপচাই এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে কয়," আজমল ফাউণ্ডেছনে ডাক্তৰ,ইঞ্জিনীয়াৰৰ সৃষ্টি কৰি আছে । তাৰেই এজন মিঞা যদি কাইলৈ ডিব্ৰুগড়ত আৰক্ষী অধীক্ষক হয় কাৰোবাৰ দম হ'ব খেদিবলৈ ? নোৱাৰে । কোবাই পিঠি ফালি দিব । আই এম ডি টি আইন বাতিল হোৱাৰ লগে লগে মিঞাক বচাবলৈ এ আই ইউ ডি এফ দলৰ জন্ম হৈছিল, যি দলে যোৱা ১৯ বছৰে অসমৰ ৰাজনীতিত এক গুৰুত্বপূর্ণ ভূমিকা ল'লে ।"

  • এজন-দুজনকৈ মিঞা খেদিলে দেশ জ্বলিব

আনহাতে,সংবাদমেলত মিঞা প্ৰসংগত তেওঁ পুনৰ কয়, "এজন-দুজনকৈ মিঞা খেদিলে দেশ জ্বলিব, খেদিলে একেলগে খেদিব লাগিব । তাৰ বাবে এটাই উপায়-শুদ্ধ এন আৰ চি । " মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো প্ৰশ্ন কৰি তেওঁ কয় " আপুনি সঁচাকৈ শুদ্ধ এন আৰ চি বিচাৰেনে ? অকল মিঞা মিঞা কৈ থাকিলে নহ'ব । "

তেওঁ পুনৰ কয়," বদৰুদ্দিন আজমল হৈছে জাতিক ভাল পোৱা মানুহ । জাতি ৰক্ষাৰ নামত জন্ম হোৱা এ আই ইউ ডি এফে যদি জাতিটোৰ সুৰক্ষাৰ বাবে কাম কৰি যাব পৰিছে, চিকিৎসক,ইঞ্জিনীয়াৰ, আই এ এছ, আই পি এছ উলিয়াইছে,তেন্তে হিন্দু সুৰক্ষাৰ নামত জন্ম হোৱা বিজেপি, হিমন্ত বিশ্ব শৰ্মাই কিয় এই কামবোৰ কৰিব নোৱাৰে । "

  • মুখ্যমন্ত্ৰীক প্ৰশ্ন এ পি ডব্লিউৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই প্ৰসংগত প্ৰশ্ন কৰি তেওঁ কয়," মুখ্যমন্ত্ৰীয়ে কিয় ফাউণ্ডেছন এটা খুলি ৪০-৫০ জন অসমীয়াক আই এ এছ-আই পি এছৰ প্ৰশিক্ষণ দিব নোৱাৰে ? তেওঁ নকৰে, কাৰণ তেওঁ ৰাজনীতি কৰিব বিচাৰে । তেওঁৰ পত্নীয়ে কিয় নোৱাৰে ?"

ইপিনে, ঠিকাদাক ভাগ্য কলিতা, অনুপম শৰ্মাৰ বিৰুদ্ধেও তেওঁ সৰৱ হৈ প্ৰশ্ন কৰে,"বদৰুদ্দিন আজমল যদি পাৰে ভাগ্য কলিতা, অনুপম শৰ্মা কিয় নোৱাৰে ?" এনেধৰণৰ পদক্ষেপ ল'বলৈ জয়ন্ত বৰুৱাকো তেওঁ অনুৰোধ জনায় ।

লগতে পঢ়ক:বাহিনী নৈ পৰিষ্কাৰৰ নামত ধনৰ লুন্ঠন: তদন্ত কৰিবলৈ অশোক সিংহলক প্ৰত্য়াহ্বান অসম পাব্লিক ৱৰ্কছৰ - Assam Public Works

বাংলাদেশত ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'লে আলফা (স্বা) অধিক সক্ৰিয় হ’ব : আভিজিৎ শৰ্মা - ULFA I Bomb plans failed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.