ETV Bharat / state

শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱস পালন ধনশিৰি মহকুমা প্ৰশাসনৰ

author img

By

Published : Jun 15, 2021, 11:06 PM IST

ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱস পালন ৷ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ সম্পূৰ্ণ ক'ভিড বিধি মানি ধনশিৰি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সৰুপথাৰ নগৰৰ মাজমজিয়াৰ ৰাজহুৱা ভৱনৰ প্ৰাঙ্গণত থকা বীৰ শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য অৰ্পনেৰে শ্ৰদ্ধা জ্ঞাপন কৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত নিপজ্যোতি পাতিৰি আৰু এ ঠাকুৰীয়াই ।

as_srp_01_15jun_Sawhid Kushal Konwar Death Day_Image_ASC10084
ধনশিৰি মহকুমা প্ৰশাসনৰ শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱস পালন

সৰুপথাৰ, 15 জুন : সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱস পালন ধনশিৰি মহকুমা প্ৰশাসনৰ ৷ ১৯৪২ চনত সমগ্ৰ দেশজুৰি ইংৰাজৰ বিৰুদ্ধে হোৱা ভাৰত ত্যাগ আন্দোলনৰ গণ বিপ্লৱত বৃটিছৰ বিৰুদ্ধে জঁপিয়াই পৰিছিল গোলাঘাট জিলাৰ সৰুপথাৰৰ গন্ধকৰৈৰ শ্বহীদ কুশল কোঁৱৰ । ১৯৪৩ চনৰ ১৫ জুনত কুশল কোঁৱৰে বৃটিছৰ ফাঁচী কাঠত ওলমিছিল দেশ মাতৃৰ স্বাধীনতাৰ হকে । ৰাজ্য চৰকাৰে ১৫ জুনৰ দিনটো মহান শ্বহীদ গৰাকীৰ মৃত্যু দিৱস সমগ্ৰ ৰাজ্যজুৰি পালন কৰি আহিছে ৷

গোলাঘাট জিলাৰ সৰুপথাৰতো মঙলবাৰে ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত শ্বহীদ কুশল কোঁৱৰৰ ৭৮ সংখ্যক মৃত্যু দিৱস পালন কৰে । ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ সম্পূৰ্ণ ক'ভিড বিধি মানি ধনশিৰি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সৰুপথাৰ নগৰৰ মাজমজিয়াৰ ৰাজহুৱা ভৱনৰ প্ৰাঙ্গণত থকা বীৰ শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য অৰ্পনেৰে শ্ৰদ্ধা জ্ঞাপন কৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত নিপজ্যোতি পাতিৰি আৰু এ ঠাকুৰীয়াই ।

অনুষ্ঠানত ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ লগতে ধনশিৰি জিলা মুক্তি যুঁজাৰু সতি সন্ততি পৰিয়ালৰ হৈ লোকনাথ চুতীয়া, দুগ্ধ কোঁৱৰ, মনোজ ঘোষ,প্ৰদীপ কলিতা সহ ভালেকেইজন ব্যক্তি উপস্থিত থাকি বীৰ শ্বহীদ গৰাকীক স্মৰণ কৰে । এই গৰাকী মহান বীৰ শ্বহীদৰ মৃত্যু দিৱসত ধনশিৰি মহকুমা সাংবাদিক সংস্থা, ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ লগতে বিভিন্ন অনুষ্ঠান সংগঠনেও শ্ৰদ্ধাৰে সোঁৱৰিছে ।

লগতে পঢ়ক : বিজ্ঞানসন্মতভাৱে পৰিস্কাৰ কৰা হ’ব মহানগৰীৰ নলা : অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.