ETV Bharat / state

নিৰ্বাচনলৈ সাজু গোলাঘাট জিলা প্ৰশাসন - খুমটাই সমষ্টি

গোলাঘাট নিৰ্বাচনী জিলাত তিনিটা ভোটগ্ৰহণ কেন্দ্ৰ জটিল হিচাপে চিনাক্ত কৰা হৈছে । ইয়াৰোপৰিও, আইন-শৃংখলাজনিত দিশৰ পৰা গোলাঘাট সমষ্টিৰ ১৮ টা আৰু খুমটাই সমষ্টিৰ ৭ টা কেন্দ্ৰ জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে । গোলাঘাট সমষ্টিত ১৯ টা আৰু খুমটাই সমষ্টিত দুটা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব । ২৬ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা নিৰ্বাচনৰ সা-সামগ্ৰী বিতৰণ কৰা হ'ব ।

নিৰ্বাচনলৈ সাজু গোলাঘাট জিলা প্ৰশাসন
নিৰ্বাচনলৈ সাজু গোলাঘাট জিলা প্ৰশাসন
author img

By

Published : Mar 26, 2021, 12:48 PM IST

গোলাঘাট, ২৬ মাৰ্চ: ইতিমধ্যে সামৰণি পৰিল ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া গোলাঘাট জিলাৰ ৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন । গোলাঘাট সমষ্টিত মুঠ ২,০৫১৯৬ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৷ ৯৫ নং গোলাঘাট সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ১,০২৫১৬ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হ'ল ১,০২৬৮০ গৰাকী । আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হ'ল ১,৪১০৯১ গৰাকী । সমষ্টিটোত পুৰুষ ভোটাৰৰ সংখ্যা হ'ল ৭০,৩৭৯ গৰাকী আৰু মহিলা ভোটদাতা হ'ল ৭০,৭১২ গৰাকী । দুয়োটা সমষ্টিত নৱ প্ৰজন্মৰ ১৮ ৰ পৰা ১৯ বছৰ বয়সৰ ৭৪১৬ গৰাকী ভোটদাতা, ৩৮৮৪ গৰাকী ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ, ৭২০ গৰাকী ডি ভোটাৰ আৰু ৫৫৮ গৰাকী চাৰ্ভিছ ভোটাৰ আৰু ৫১৬ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ আছে । এতিয়ালৈকে ১৭২৭ গৰাকী ভোটদাতাই পষ্টেল বেলটযোগে ভোট সাব্যস্ত কৰে । এইবাৰ ২১ টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব ।

বৃহস্পতিবাৰে গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে সংবাদমেলযোগে নিৰ্বাচন সম্পৰ্কত মন্তব্য কৰে । গোলাঘাট জিলা প্ৰশাসনে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে বুলি জানিবলৈ দিয়ে গোলাঘাট জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে । কভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭ টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে । গোলাঘাট সমষ্টিত ২৮৮ টা আৰু খুমটাই সমষ্টিত ১৯৮ টা কেন্দ্ৰ থাকিব ।

সমষ্টি দুটাৰ তিনিটা ভোটগ্ৰহণ কেন্দ্ৰ জটিল হিচাপে চিনাক্ত কৰা হৈছে । কেন্দ্ৰ কেইটা হৈছে গোলাঘাট সমষ্টিৰ ৩৫ হিন্দী বিদ্যালয়, ১৯৪ ৰতনপুৰ প্ৰাথমিক বিদ্যালয় আৰু খুমটাই সমষ্টিৰ ৮৪ জৰাগুৰি প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ । ইয়াৰোপৰিও, আইন-শৃংখলাজনিত দিশৰ পৰা গোলাঘাট সমষ্টিৰ ১৮ টা আৰু খুমটাই সমষ্টিৰ ৭ টা কেন্দ্ৰ জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে । গোলাঘাট সমষ্টিত ১৯ টা আৰু খুমটাই সমষ্টিত দুটা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব । ২৬ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা নিৰ্বাচনৰ সা-সামগ্ৰী বিতৰণ কৰা হ'ব । বৰ্তমান প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পন্ন কৰিছে গোলাঘাট প্ৰশাসনে ।

লগতে পঢ়ক: নিৰ্বাচনলৈ সাজু শোণিতপুৰ জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.