গোলাঘাট, 18 জুলাইঃ গোলাঘাট পৌৰ এলেকাত 9 জুলাইৰ পৰা জাৰি কৰা সম্পূৰ্ণ লক ডাউন শুকুৰবাৰে সন্ধিয়া 7 বজাৰ পৰা অন্ত পৰে ৷ সংবাদ মেল আয়োজন কৰি এই কথা প্ৰকাশ কৰে জিলাখনৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে ৷ বৰ্তমান সময়ত পুনৰ গোলাঘাট চহৰত লকডাউন জাৰি কৰা নহ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ অৱশ্য আনলকৰ কেতবোৰ নিয়মৰ লগতে ৰাজ্য চৰকাৰে জাৰি কৰা সাপ্তাহিক লকডাউন চহৰ খনত জাৰি থাকিব বুলি উপায়ুক্ত গৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে ৷
সোমবাৰৰ পৰা গোলাঘাট প্ৰশাসনৰ A,B,C নিয়মৰ আধাৰত দোকান সমূহ খুলিবলৈ ব্যৱস্থা কৰিছে ৷ আনহাতে গোলাঘাটত বিগত 5 দিনত কৰা এন্টিজেন টেষ্টৰ জৰিয়তে চিনাক্ত হোৱা ক’ভিড পজিটিভ ৰোগীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি দুটা অঞ্চলক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷ সেই দুটা অঞ্চল হৈছে পৌৰ এলেকাত থকা আলুপট্টী আৰু ক’ভিড হাস্পতালৰ পাচফালে থকে কুমাৰপট্টী অঞ্চলৰ পৰা শ্মসান পথৰ এলেকাটো ৷ এই অঞ্চলদুটাত পোৱা গৈছে 102 গৰাকী আক্ৰান্ত ৷
ইয়াৰ উপৰিও শাক-পাচলি বজাৰৰ ভিৰ নহ’বৰ বাবে প্ৰশাসনে সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আনহাতে জিলা খনত ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত ৫০ খন, খুমটাই আদৰ্শ চিকিৎসালয় ৫০ খন, গোলাঘাট নাৰ্চিং চেন্টাৰত ৩৫ খন আৰু নুমলীগড় নাৰ্চিং হোষ্টেলত ৫০ খন অতিৰিক্ত বিছনা ক’ভিড ৰোগীৰ বাবে ব্যৱস্থা কৰা হৈছে ৷
জিলাখনত ৰেপিড টেষ্ট বৃদ্ধি কৰাৰ চিন্তা চলাই আছে বুলি সংবাদমেলত প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে ৷ 15 ৰ পৰা 20 দিনৰ ভিতৰত 3 ৰ পৰা 4 হাজাৰ টেষ্ট বৃদ্ধি কৰাৰ যত্ন চলোৱা হ’ব বুলি প্ৰকাশ কৰে সাংবাদিকৰ আগত ৷
লগতে পঢ়কঃ সাংবাদিকক জেৰা - ধুবুৰীত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান