ETV Bharat / state

উপ পথটোৰ দুৰাৱস্থাই জীয়াতু ভুগাইছে গোলাঘাটৰ পথচাৰীক - পথ

অতি নিম্ন মানদণ্ডৰে প্ৰায় তিনিবছৰৰ পূৰ্বে পেৰ্ভাছ ব্লকেৰে নিৰ্মিত পথছোৱা ঠায়ে ঠায়ে ব্লকবোৰ এৰাই যাবলৈ আৰম্ভ কৰা দেখা গৈছে ৷

গোলাঘাটৰ ৰঙাজান আৰু শালমৰা সংযোগী উপ পথটোৰ দুৰাৱস্থাই জীয়াতু ভুগাইছে পথচাৰীক
author img

By

Published : Jun 9, 2019, 12:07 AM IST

গোলাঘাট, 8 জুন: গোলাঘাটত 39 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু শালমৰা সংযোগী উপ-পথৰ শোচনীয় অৱস্থাই জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক ৷ গোলাঘাট নগৰত যান-জঁত হ্ৰাস কৰিবলৈ বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ কৰা হৈছিল ৰঙাজান আৰু শালমৰা সংযোগী উপ-পথটো ৷ এতিয়া লাহে লাহে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰি আহিছে ধনশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা নতুন দলঙেৰে সংযোগী ৰঙাজান-গোলাঘাট পথটোৰ অৱস্থা ৷ অতি নিম্ন মানদণ্ডৰে প্ৰায় তিনিবছৰৰ পূৰ্বে পেৰ্ভাছ ব্লকেৰে নিৰ্মিত পথছোৱা ঠায়ে ঠায়ে ব্লকবোৰ এৰাই যাবলৈ আৰম্ভ কৰা দেখা গৈছে ৷ উপ পথছোৱাত বাহন চলাচল কৰিব পৰাকৈ উপযোগী নোহোৱা তথা ক্ৰমান্বয়ে পথছোৱা জৰাজীৰ্ণ হৈ আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Golaghat 08.06.2019
slug : as_glt_damage road_vis_byte_7205572
O.C. গোলাঘাটত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু শালমৰা সংযোগী উপ পথৰ সুচনীয় অৱস্থা। গোলাঘাট নগৰক যানযতৰ পৰা মুক্ত কৰিবলৈ কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ কৰা হৈছিল ৰঙাজান আৰু শালমৰা সংযোগী উপ পথটো।ধনশিৰি নদীৰ ওপৰৰ নতুন দলঙেদি ৰঙাজান-গোলাঘাট সংযোগী পথটোৰ অৱস্থা এতিয়া লাহে লাহে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰি আহিছে। পেৰ্ভাছ ব্লকেৰে নিৰ্মিত এইপথচোৱা মুকলি কৰা হৈছিল প্ৰায় তিনিবছৰৰ পূৰ্বে। কিন্তু অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা পথছোৱাৰ ঠায়ে ঠায়ে ব্লকবোৰ এৰাই যাবলৈ আৰম্ভ কৰিছে। ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উপ পথছোৱা বাহন চলাল কৰিব পৰাকৈ সমান নহয়, সম্পূৰ্ণ পথছোৱা ওখুৰা মুখুৰা। ক্ৰমানয়ে পথছোৱা জৰাজীৰ্ণ হৈ আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বিভাগীয় কৰ্তৃপক্ষই যদি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অতি সোনকালেই যে পথটো অগম্য হৈ পৰিব সেয়া নিশ্চিত।
Byte 1: পথচাৰী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Feed send by ftp.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.