ETV Bharat / state

লেটেকুজান আৰু বকিয়াল চাহ বাগিচাত টীকাকৰণ অভিযান আৰম্ভ

author img

By

Published : Jun 5, 2021, 2:19 PM IST

নুমলীগড়ৰ মৰঙিৰ চাহ বাগিচা অঞ্চলত আৰম্ভ হ'ল টীকাকৰণ অভিযান । শুকুৰবাৰে লেটেকুজান আৰু বকিয়াল চাহ বাগিচাত শ্ৰমিকসকলক প্ৰতিষেধক প্ৰদান কৰা হয় ।

as_glt_01_vaccination drive_starts_img_as10024
নুমলীগড়ৰ লেটেকুজান আৰু বকিয়াল চাহ বাগিচাত টীকাকৰণ অভিযান আৰম্ভ

গোলাঘাট, ৫ জুন : বৰ্তমান ৰাজ্যৰ বাগিচাই বাগিচাই বৃদ্ধি পাইছে ক'ভিড (Covid 19) সংক্ৰমণ । সেয়ে, বাগিচাৰ শ্ৰমিকসকলৰ মাজত ক'ভিড (Covid 19) সংক্ৰমণ ৰোধৰ বাবে তৎপৰ হৈ পৰিছে গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ ।

শুকুৰবাৰৰ পৰা নুমলীগড়ৰ মৰঙি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু পংকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত চাহ বাগিচা অঞ্চলত আৰম্ভ কৰা হৈছে টীকাকৰণ অভিযান । মৰঙি খণ্ড স্বাস্থ্য বিভাগৰ অধীনৰ লেটেকুজান আৰু বকিয়াল বৃহৎ চাহ বাগিচাৰ শ্ৰমিকক প্ৰতিষেধক প্ৰদান কৰা হয় ।

চিকিৎসক, স্বাস্থ্য কৰ্মী আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়া, বাগিচা কৰ্তৃপক্ষ, চাহ মজদুৰ সংঘৰ সহযোগত ক'ভিড টীকাকৰণ (Covid Vaccination) কাৰ্যসূচী শুভাৰম্ভণি কৰা হয় বাগিচাৰ চিকিৎসালয়ত । লগতে ৰেপিড এন্টিজেন পৰীক্ষা কৰাৰো ব্যৱস্থা কৰা হৈছে । .

যিসকল শ্ৰমিকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰিব সেই সকলক ৰখাৰ বাবে আছুতীয়া কক্ষৰো ব্যৱস্থা কৰা হৈছে । মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ সময়ত স্বাস্থ্য বিভাগৰ এনে পদক্ষেপক শ্ৰমিক ৰাইজ তথা দল সংগঠনে শলাগ লৈছে ।

লগতে পঢ়ক:মাজুলীত ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত টীম মাজুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.