গোলাঘাট, 23 মাৰ্চঃ গোলাঘাটৰ ফৰকাটিং জংচনত যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা । ৰে'লৰ দ্বাৰা অহা শ শ যাত্ৰীক ফৰকাটিং জংচনত স্বাস্থ্য পৰীক্ষা চলাই গোলাঘাট প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে । বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলক স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষা কৰি অসুস্থ লোকসকলক চিকিৎসালয়ত আইছ'লেচন ব্যৱস্থা কৰিছে ।
আনহাতে, সুস্থ সকলক 10-15 দিন ঘৰতে আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে । জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত খনিন্দ্ৰ দাস আৰু জিলাৰ বিভিন্ন বিষয়ববীয়াৰ উপস্থিতিত এই স্বাস্থ্য পৰীক্ষা চলাই আহিছে ।