ETV Bharat / state

গোলাঘাটত চেন্নাইৰ পৰা অহা যুৱকক লৈ কৰ'ণা আতংক

author img

By

Published : May 22, 2020, 5:55 PM IST

গোলাঘাটৰ দখৰা পথাৰ গাঁৱত কৰ'ণা আতংক ৷ চেন্নাইৰ পৰা অহা 5 জন যুৱকক লৈ এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে উক্ত গাঁও খনৰ ৰাইজৰ মাজত ৷

ETV BHARAT
গোলাঘাটত চেন্নাইৰ পৰা অহা যুৱককলৈ কৰ'ণা আতংক

গোলাঘাট,22 মেঃ গোলাঘাটৰ বগীজান থানাৰ অন্তৰ্গত দখৰা পথাৰ গাঁৱত কৰ'ণা ভাইৰাছ ৰ আতংক । নিশা চেন্নাইৰ পৰা অহা 5 জন যুৱক অঞ্চলটোত প্ৰৱেশ কৰাৰ পাছতেই আতংকিত হৈ পৰে গাঁওবাসী ।

উল্লেখ্য যে, গোলাঘাট জিলাৰ বগীজান থানাৰ অন্তৰ্গত দখৰা পথাৰ গাঁৱ 5 জন যুৱক কৰ্মসুত্ৰে চেন্নাইত আছিল ৷ ইতিমধ্য যুৱক কেইজন বহিঃৰাজ্যৰ পৰা ওভতি আহি গোলাঘাটৰ এনাজৰী বিবাহ ভৱনত কোৱাৰেণ্টাইন হৈ আছিল । উক্ত যুৱক কেইজনৰ নাম জয়চন হাও, হেমন্ত হাও,ৰাম ভূমিজ ,ৰাতুল ভূমিজ,ৰনজিৎ ভূমিজ বুলি জানিব পৰা গৈছে ৷ কিন্তু ৰহস্যজনক ভাবে কোনো ধৰণৰ স্বাস্থ্য বিভাগৰ লোক তথা প্ৰশাসনৰ লোক নোহোৱাকৈ নিশা গাড়ী ভাড়া কৰি প্ৰৱেশ কৰে অঞ্চলটোত । তাৰোপৰি পৰিয়ালৰ সৈতে একেলগে খোৱা-বোৱা কৰা বুলিও জানিবলৈ পোৱা গৈছে ৷ লগতে মাত্ৰ তিনিদিন অৰ্থাৎ 18 মে'ৰ পৰা 22 মে' সন্ধিয়া 5 বজালৈকে কোৱাৰেণ্টাইনত ৰাখি ঘৰলৈ অহাৰ অনুমতি প্ৰদান কৰাক লৈ এতিয়া শংকিত হৈ পৰে সচেতন ৰাইজ । স্থানীয় ৰাইজে গাঁওৰক্ষী বাহিনীক উক্ত খবৰটো অৱগত কৰে আৰু ঘটনাস্থলীত গাঁওৰক্ষী বাহিনীৰ লোক উপস্থিত হৈ প্ৰশাসনক অৱগত কৰে ৷ ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ ইতিমধ্যে যুৱক কেইজনক দখৰা প্ৰাথমিক বিদ্যালয়ত কোৱাৰেন্টাইনৰ হৈ থাকিবৰ বাবে প্ৰশাসনে ব্যৱস্থা কৰি দিয়ে বুলি পঞ্চায়তৰ সভাপতি গৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰে ৷ উক্ত ঘটনাত এতিয়া তীব্ৰ কৰ'ণা ভাইৰাছৰ আতংকত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ মাজত ৷

লগতে পঢ়ক- কোৱাৰেণ্টাইন চেণ্টাৰৰ খাদ্যত বিসংগতি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.