ETV Bharat / state

খুমটাইত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি কংগ্ৰেছ কৰ্মী - গোলাঘাট জিলাৰ খুমটাই

গোলাঘাট জিলাৰ খুমটাইত ইটোৰ পিছত সিটো নিৰ্বাচন কেন্দ্ৰিক সংঘাতে নতুন ৰূপ লৈছে ৷ খুমটাই সমষ্টিৰ হাতীয়েখোৱাত সংঘটিত হৈছে এনে মাৰপিটৰ ঘটনা ৷ এজন কংগ্ৰেছ কৰ্মীক বিজেপিৰ 15-16 জনীয়া এটা দলে মাৰপিট কৰাৰ অভিযোগ ৷

খুমটাইত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি কংগ্ৰেছ কৰ্মী

author img

By

Published : Mar 23, 2021, 8:53 AM IST

গোলাঘাট, 23 মাৰ্চ : গোলাঘাট জিলাৰ খুমটাইত ইটোৰ পিছত সিটো নিৰ্বাচন কেন্দ্ৰীক সংঘাতৰ সৃষ্টি হৈছে ৷ পুনৰবাৰ বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত খুমটাই সমষ্টিৰ হাতীয়েখোৱাত সংঘটিত হৈছে মাৰপিটৰ ঘটনা ৷ কংগ্ৰেছৰ দক্ষিণ গুৰুযোগোনীয়া মণ্ডলৰ সভাপতি ৰন্টু দত্তক বিজেপি কৰ্মীৰ দ্বাৰা প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে ৷

খুমটাইত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি কংগ্ৰেছ কৰ্মী

নিৰ্বাচনী প্ৰচাৰ চলাই ঘৰলৈ গৈ থকা অৱস্থাত 15-16 জনীয়া এটা যুৱকৰ দলে খেদি নি ৰ'ডেৰে প্ৰহাৰ কৰাৰ অভিযোগ ৰন্টু দত্তৰ ৷ আনহাতে, যুৱকৰ দলটোৱে প্ৰহাৰ কৰি সেই স্থানৰ পৰা পলায়ন কৰে ৷ প্ৰহাৰ কৰা যুৱকৰ দলটো বিজেপিৰ কাৰ্যকৰ্তা বুলি অভিযোগ কংগ্ৰেছ কৰ্মীৰ লগতে খুমটাই সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিস্মিতা গগৈৰ ৷

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰন্টু দত্তক গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷ খুমটাইত কংগ্ৰেছ কৰ্মীক বাৰে বাৰে আক্ৰমণ কৰাক লৈ বিজেপিৰ প্ৰাৰ্থী তথা বিধায়ক মৃনাল শইকীয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিস্মিতা গগৈৰ ৷ এই ঘটনাৰ পাচতে গোলাঘাট আৰক্ষীৰ ওপৰত অভিযোগৰ আঙুলি তুলিছে খুমটাইৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷ আক্ৰমণকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ নকৰাৰ লগতে নিৰ্বাচনী আয়োগেও কোনো ধৰণৰ সঁহাৰি প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত কৰিছে বিস্মিতা গগৈয়ে ৷

লগতে পঢ়ক : হাতী খেদাও চাবুৱা বচাও, বিজেপি খেদাও বাগান বচাও: অজয় ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.