খুমটাই,10 মে': খুমটাই আধাৰসত্ৰত ২০১৫-১৬ বৰ্ষতে মোহিনীচ ট্ৰেড এণ্ড কনষ্ট্ৰাকচন নামৰ কোম্পানীটোৱে বৃহত্তৰ অঞ্চলক সামৰি আৰম্ভ কৰিছিল বহুমুখী প্ৰকল্পৰ গৃহ নিৰ্মাণৰ কাম ৷ কিন্তু বিগত চাৰি বছৰে সম্পূৰ্ণ নহ'ল প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ কাৰ্য ৷
প্ৰাক্তন মন্ত্ৰী মন্ত্ৰী বিষ্মিতা গগৈ আৰু সাংসদ গৌৰৱ গগৈয়ে ২০১৫-১৬ বৰ্ষতে আৰম্ভ কৰিছিল কথালগুৰি জিলা পৰিষদ সমষ্টিৰ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত এই বহুমুখী প্ৰকল্প গৃহ নিৰ্মাণৰ কাম ৷ প্ৰকল্প গৃহটোৰ নিৰ্মাণৰ বাবদ ত্ৰয়োদশ বিত্তীয় আয়োগে আবণ্টন কৰিছিল 1 কোটি 19 লাখকৈ টকা ৷ কিন্তু ধন আবণ্টনৰ চাৰি বছৰ অতিক্ৰম কৰাৰ পাচতো আজিকোপতি সম্পূৰ্ণ নহ'ল প্ৰেক্ষাগৃহটোৰ নিৰ্মাণকাৰ্য ৷ প্ৰেক্ষাগৃহ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ স্থানীয় ৰাইজে সংশ্লিষ্ট বিষয়াক বহু-আবেদন নিবেদন কৰে যদিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণকৰণৰ কোনো ব্যৱস্থা হাতত লোৱা নাই বিভাগটোৱে ৷