দেৰগাঁও,7 জুন: দেৰগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন "দৌৰ"ৰ প্ৰশংসনীয় পদক্ষেপ ৷ প্ৰতিশ্ৰুতি ৰক্ষা কৰি ক'ভিড আক্ৰান্তক প্ৰদান কৰিলে খাদ্য ৷
উল্লেখ্য যে, দেৰগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন "দৌৰে" কিছুদিন পূৰ্বে সামাজিক মাধ্যমযোগে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাইজৰ প্ৰতি এক আহ্বান জনাইছিল ৷ সংস্থাটোৱে সকলোকে এটাকৈ হ'লেও গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছিল । এইক্ষেত্ৰত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে, যিসকল লোকে 'দৌৰ'ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিশ্ব পৰিৱেশ দিৱসৰ দিনা এটাকৈ গছপুলি ৰোপণ কৰি তাৰ ফটোগ্ৰাফ "দৌৰ" বিষয়ববীয়ালৈ প্ৰেৰণ কৰিব ৷ তাৰ বিনিময়ত তেওঁলোকৰ নামত কভিড আক্ৰান্ত ৰোগীলৈ এসাঁজ আহাৰ আগবঢ়োৱা হ'ব ।
সেই অনুসৰিয়ে ৰাইজে দৌৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গছপুলি ৰুই প্ৰেৰণ কৰিছিল ফটো ৷ ইপিনে, সংস্থাটোৱে ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি দেৰগাঁও নেঘেৰিটিং ক'ভিড কেয়াৰ চেণ্টাৰত থকা চাহ শ্ৰমিক ক'ভিড ৰোগীসকলক এদিনৰ এসাঁজ আহাৰ যোগান ধৰে ৷
অন্য এক খবৰৰ বাবে: গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ