ETV Bharat / state

কয়লা ছিণ্ডিকেটঃ আৰক্ষীৰ বিৰুদ্ধে আৰক্ষী

এইবাৰ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ স্থিতি গোলাঘাট আৰক্ষীৰ । গোলাঘাটৰ কোনো আৰক্ষী লোক যদি অবৈধ কয়লা সৰবৰাহ কাৰ্যত জড়িত থাকে তেন্তে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ ঘোষণা ।

author img

By

Published : Oct 14, 2019, 3:02 PM IST

আৰক্ষীৰ বিৰুদ্ধে আৰক্ষী

গোলাঘাট, 14 অক্টোবৰঃ ৰাজ্যত চলি অহা অবৈধ কয়লা ছিণ্ডিকেটক লৈ গোলাঘাট আৰক্ষীৰ নতুন মোৰ ৷ যদিহে কোনো আৰক্ষীৰ লোক কয়লা ছিণ্ডিকেট নাইবা অবৈধ কয়লা সৰবৰাহৰ লগত জড়িত থকাৰ প্ৰমাণ লাভ কৰে তেতিয়াহ'লে শাস্তিমুলক ব্যৱস্থা গ্ৰহণৰ আশ্বাস আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙৰ ৷

গোলাঘাট জিলাৰ মাজেৰে দীৰ্ঘদিন ধৰি চলি আহিছে কয়লাৰ চোৰাং বেহা ৷ অভিযোগ অনুসৰি একাংশ অসাধু ব্যৱসায়ীয়ে আৰক্ষীৰে সৈতে মিলি চলাই গৈছে এই ব্যৱসায় ৷ জিলাখনৰ মাজেৰে নিতৌ সৰবৰাহ হোৱা অবৈধ কয়লাভৰ্তি ট্ৰাক মাজে সময়ে আৰক্ষীয়ে জব্দ কৰে যদিও পৰৱৰ্তী সময়ত এইসমূহ ট্ৰাক মুকলি কৰি দিয়ে ৷

ট্ৰাক কৰ্মচাৰীৰ ভাষ্য

কিছুদিন পূৰ্বে দেৰগাঁৱৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল 5খনকৈ কয়লাভৰ্তি ট্ৰাক ৷ AS 01 BC 9574, AS 01 BC 9274, AS 01 BC 3674 AS 09 C 3186 আৰু AS 19 C 0911 নম্বৰৰ ট্ৰাককেইখন জব্দ কৰিছিল আৰক্ষীয়ে ৷ শিৱসাগৰ জিলাৰ নাগিনীমৰাৰ পৰা কাৰ্বি আংলং জিলাৰ খটখটীলৈ কয়লা কঢ়িয়াই আনি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিছিল ট্ৰাককেইখন ৷

আৰক্ষী অধীক্ষকৰ ভাষ্য

আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি, এনে কয়লাৰ ব্যৱসায় চলাই যোৱাত দীৰ্ঘদিন ধৰি আৰক্ষীয়ে সহযোগিতা আগবঢ়াই আছে ৷ অবৈধ আৰু চোৰাং ব্যৱসায়ীৰ পৰা উৎকোচ লৈ আৰক্ষীয়ে চলাই গৈছে অবৈধ ব্যৱসায় ৷ ঘটনা সন্দৰ্ভত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙক সাংবাদিকে প্ৰশ্ন সোধাত এনেকুৱা ঘটনা তথ্য-প্ৰমাণসহ পোহৰলৈ আহিলে শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায় সিঙে ৷

Intro:এইবাৰ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ স্থিতি গোলাঘাট আৰক্ষীৰ। গোলাঘাটৰ কোনো আৰক্ষী লোক যদি অবৈধ কয়লা সৰবৰাহ কাৰ্যত জৰিত থাকে তেন্তে তেওঁৰ বিৰুদ্ধেও লোৱা হব শাস্তিমূলক ব্যৱস্থা। গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে স্পষ্ট কৰি দিয়ে এই কথা।Body:গোলাঘাট জিলাৰ মাজেৰে দীৰ্ঘদিনৰ পৰা একাংশ অসাধু ব্যৱসায়ীয়ে চলাই আছে ৰমৰমীয়া চোৰাং কয়লাৰ ব্যৱসায়। শেহতীয়াকৈ ৫ খনকৈ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰাৰ পিছত আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে এই কঠোৰ স্থিতিৰ কথা স্পষ্ট কৰি দিয়ে। অবৈধ কয়লা সৰবৰাহ কাৰ্যত আৰক্ষী লোক জড়িত আছে নেকি বুলি গোলাঘাটৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত উল্লেখিত মন্তব্য আগবঢ়াই আৰক্ষী বিষয়াজনে। তেওঁ লগতে কয় কোনো আৰক্ষী বিষয়াই এনে অবৈধ কাৰ্যত যদি সহযোগিতা আগবঢ়োৱাৰ তথ্য লাভ কৰে তেওঁৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব। উল্লেখ্য গোলাঘাট জিলাৰ মাজেৰে নিতৌ সৰবৰাহ হয় অবৈধ কয়লা ভৰ্তি ট্ৰাক। মাজে সময়ে দুখন চাৰিখন এনে ট্ৰাক জব্দ কৰে যদিও দুদিনমানৰ পিছতে মুকলি কৰি দিয়াৰ অভিযোগ আছে। গোলাঘাটৰ আৰক্ষীয়ে কেইদিনমানৰ পূৰ্বে দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত তালাচী চলাই জব্দ কৰিছিল ৫ খনকৈ কয়লা ভৰ্তি ট্ৰাক। AS_01_BC_9574, AS_01_BC_9274, AS_01_BC_3674, AS_09_C_3186 আৰু AS_19_C_0911 নম্বৰৰ গাড়ী কেইখন জব্দ কৰে। শিৱসাগৰ জিলাৰ নাগিনীমৰাৰ পৰা কাৰ্বি আংলং জিলাৰ খটখটীলৈ কঢ়িয়াই নিছিল কয়লা সমুহ। উল্লেখ্য একাংশ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ আছে কয়লাৰ এনে ক'লা ব্যৱসায় চলাই যোৱাত আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা মাহেকীয়া হিচাপে উৎকোচ লৈ সহযোগিতা আগবঢ়াই আহিছে। এই অভিযোগৰ সন্দৰ্ভত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে স্পষ্ট কৰি কয় তেনে তথ্য লাভ কৰিলে আৰক্ষীৰ বিৰুদ্ধেও গোচৰ পঞ্জীয়ন কৰি শাস্তি মূলক ব্যৱস্থা লোৱা হব। গোলাঘাট জিলা আৰক্ষী অধীক্ষকৰ এনে সকিয়নীয়ে একাংশ ধনলোভী আৰক্ষী বিষয়াৰ হয়তু বুকু কপি উঠিব। কিন্তু এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে গোলাঘাট জিলা আৰক্ষী অধীক্ষ গৰাকীয়ে। এতিয়া সকলোৰে প্ৰশ্ন। Conclusion:Byte_1_ গাড়ীৰ কৰ্মচাৰী।
Byte_2_পুস্পৰাজ সিং।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.