ETV Bharat / state

মৰঙিত মণিৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ - লোকসভা নিৰ্বাচন

কলিয়াবৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । গোলাঘাট জিলাৰ মৰঙিত অনুষ্ঠিত এই নিৰ্বাচনী সভাত বিৰোধী দল কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ ৷

মৰঙিত মণিৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ
author img

By

Published : Apr 1, 2019, 9:04 PM IST

Updated : Apr 2, 2019, 3:18 AM IST

গোলাঘাট, ১ এপ্ৰিল: আজি কলিয়াবৰ লোকসভা সমষ্টিৰবিজেপি, অগপ, বিপিএফ, গণ শক্তি আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ গোলাঘাটৰ মৰঙিপোৰাবাংলা খেলপথাৰতনিৰ্বাচনী প্ৰচাৰ চলায় কেইবাজনো হেভিৱেট বিজেপিনেতাই । এই নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে বিধায়িকা আঙুৰলতা ডেকা, অতুল বৰা, অমিয় বৰা আৰু প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালা । নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণত তীব্ৰ ভাষাৰে সমালোচনা কৰে বিৰোধী দল কংগ্ৰেছক। আজি ১৯৫২ চনৰ পৰা অৰ্থাৎ বিগত ৫৫ বছৰে ভাৰতীয় জনতাই কংগ্ৰেছ দলৰ ওপৰত দৃঢ় বিশ্বাস ৰাখিলে। কিন্তু সেই বিশ্বাস ধৰি ৰখাত সম্পূৰ্ণ ৰূপে ব্যৰ্থহ'ল কংগ্ৰেছ দল। কংগ্ৰেছ দলে সাধাৰণ জনতাক যি প্ৰতিশ্ৰুতি দিছিল তাৰ ৯০ শতাংশই ইতিমধ্যে দলটোৱে পাহৰি পেলালে বুলি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। উন্নয়নৰ নামত অসমৰ সাধাৰণ জনতাক কংগ্ৰেছমাথো প্ৰতাৰণা কৰি আহিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মৰঙিত মণিৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ সৰ্বানন্দ সোণোৱালে বিজেপি চৰকাৰৰ দিনত হোৱা ৰাজ্যৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে নিৰ্বাচনী সভাত। কংগ্ৰেছৰ শাসনকালত নুমলীগড় শোধনাগাৰত যি খাৰুৱা তেলৰ অভাৱ হৈছিল, সেই সংকটত পৰাপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫০০ কোটি টকা প্ৰদান কৰি শোধনাগাৰটোৰ উৎপাদন শক্তিৰ বৃদ্ধিৰ ব্যৱস্থা কৰে। যি কংগ্ৰেছ দলে নিজৰ ৫৫ বছৰীয়া শাসনকালত মাত্ৰ ৬ খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে বিজেপিয়ে কেৱল ২ বছৰ ১০ মহীয়া কাৰ্যকালতে ৬ খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম হাতত লোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ উপৰিও অসমীয়াৰ সন্মান গামোচাক চোনীয়া গান্ধীয়ে বিমানবন্দৰত পেলাই থৈ যোৱাৰ বিপৰীতে নৰেন্দ্ৰ মোডীয়ে সেই গামোচাক বিশ্ব দৰবাৰত জিলিকাই তুলা কাৰ্যক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

সাংবাদিকৰ লগত হোৱা কথোপকথনত কংগ্ৰেছ আৰু এআইইউডিএফক এটা মূদ্ৰাৰে ইপিঠি-সিপিঠি আখ্যা দি 'Who is Ajmal' এতিয়া তৰুণ গগৈৰ আপোন পৰিলবুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক কটাক্ষ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে এআইইউডিএফ জন্মলগ্নৰে পৰা অবৈধ বাংলাদেশীৰ পক্ষত ঠিয় দিছে আৰু কংগ্ৰেছে তেনে দলৰ লগত গোপন মিত্ৰতা কৰি ইতিমধ্যে ধৰাষায়ীহোৱা বুলিও কংগ্ৰেছক কটু বাক্য বানেৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। অৱশেষত আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমত ১২ খন আসন লাভ কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

Golaghat 01.04.2019
SLUG : GOLAGHAT CM ELECTION CAMPAIGN
O.C. : ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপি, অগপ, বিপিএফ, গণ শক্তি আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সৰ্বানন্দ সোণোৱাল, বিধায়িকা আঙুৰলতা ডেকা, অতুল বৰা, অমিয় বৰা আৰু প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালা। সৰুপথাৰ বিধান সভা সমষ্টিৰ মৰঙী পোৰাবাংলা খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নিৰ্বাচনী প্ৰচাৰ সভাৰ ভাষণত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় ৫৫ বছৰতকৈ অধিক কাল কংগ্ৰেছে শাসন ভাৰ লৈছিল, ১৯৫২ চনৰ পৰায়ে ভাৰতৰ জনগণয়ে সমৰ্থন কৰিলে। কিন্তু ৯০ শতাংশ প্ৰতিশ্ৰুতি কংগ্ৰেছে পাহৰি পেলালে। প্ৰতাৰণা কৰিলে ভাৰতৰ জনগণক। কংগ্ৰেছৰ শাসনকালত নুমলীগড় শোধানাগাৰৰ খাৰুৱা তেলৰ অভাৱ হৈছিল, অ'এনজিচিয়ে যোগান ধৰিব নোৱাৰাৰ বাবে সংকটত পৰা নুমলীগড় তেলশোধানাগাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫শ কোটি টকা  উৎপাদন শক্তি বৃদ্ধিৰ ব্যৱস্থা কৰে। কংগ্ৰেছে কেৱল সম্প্ৰদায়িকতাৰ নাম লৈ সংঘাত সৃষ্টি কৰি আহিছে। অসমৰ প্ৰতিটো দলং কংগ্ৰেছৰ পৰা প্ৰতিবাদ কৰিহে লাভ কৰিছিল অসমৰ জনতায়ে। কংগ্ৰেছে ৫৫ বছৰীয়া কাৰ্যকালত মাত্ৰ ৬খন চিকিৎসা মহাবিদ্যালয় আৰু বিজেপিয়ে ২বছৰ ১০ মহীয়া কাৰ্যকালত ৬ খনকৈ মহাবিদ্যালয় নিৰ্মাণ কৰাৰ কাম হাতত লৈছে। অসমীয়া সংস্কৃতিৰ গামোচাক কংগ্ৰেছৰ চোনীয়া গান্ধীয়ে গুৱাহাটী বিমানবন্দৰত পেলাই থৈ যায়, অপমান কৰে, কিন্তু অসমীয়া গামোচাক নৰেন্দ্ৰ মোদীয়ে গামোচাক সন্মান জনাই বিশ্বত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে কাম কৰিছে। অসমীয়া জাতিক কোনোৱে অপমান কৰিব নোৱাৰে যেতিয়া লৈকে বিজেপি চৰকাৰ থাকে। ইয়াৰ উপৰিও সাংবাদিকৰ লগত হোৱা কথোপকথনত কয় কংগ্ৰেছক ইতিমধ্যে অসমৰ মানুহে মনৰ পৰা আঁতৰাই দিলে। কংগ্ৰেছ আৰু এআইইউডিএফ দল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এটা সময়ত তৰুণ গগৈয়ে আজমলৰ স্থিতি আৰু অস্থিতৰ ওপৰত প্ৰশ্ন কৰি who is ajmol বুলি প্ৰশ্ন তুলিছিল। কিন্তু এতিয়া যৌন কিয় বুলি কয়। এআইইউডিএফ জন্মলগ্নৰে পৰা অবৈধ বাংলাদেশী বিদেশী মুছলমান পক্ষত ঠিয় দিছে আৰু কংগ্ৰেছে তেনে দলৰ লগত গোপন মিত্ৰতা কৰি ইতিমধ্যে ধাৰষাই হৈছে। অসমৰ ৰাইজে কংগ্ৰেছক বিশ্বাস নকৰে। অসমত ১২খন আসন লাভ কৰিব বুলিও জনাই।
Byte 1: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট ETV Bharat অসম।

Feed send by Live U
Last Updated : Apr 2, 2019, 3:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.