ETV Bharat / state

কোটি কোটি টকাৰ ড্ৰাগছ দাহ কৰিলে মুখ্যমন্ত্ৰীয়ে

গোলাঘাটৰ বগৰীজেং পুলিচ প্লে গ্ৰাউণ্ডত অসম আৰক্ষীয়ে (ASSAM POLICE) জব্দ কৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ নিজ হাতেৰে ৰাজহুৱাকৈ অগ্নিসংযোগ কৰি বিনষ্ট কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অগ্নিসংযোগ কৰা ড্ৰাগছ খিনিৰ বজাৰমূল্য কোটি কোটি টকা হ‘ব বুলি জানিব পৰা গৈছে ।

author img

By

Published : Jul 17, 2021, 8:33 PM IST

গোলাঘাটত কোটি কোটি টকাৰ ড্ৰাগছ দহন কৰিলে মুখ্যমন্ত্ৰীয়ে

গোলাঘাট, 17 জুলাই : শনিবাৰে গোলাঘাট জিলাত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (HIMANTA BISWA SARMA) কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ সেই অনুসৰি প্ৰথমে তেওঁ গোলাঘাটৰ বগৰীজেং পুলিচ প্লে গ্ৰাউণ্ডত জব্দ কৃত ড্ৰাগছ (DRUGS) সমূহ নিজ হাতেৰে ৰাজহুৱাকৈ অগ্নিসংযোগ কৰি বিনষ্ট কৰে । যাৰ বজাৰমূল্য আনুমানিক কেইবা কোটি টকা ৷

মুখ্যমন্ত্ৰীয়ে দাহ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে ১০ কিল’গ্ৰাম হেৰ‘ইন, যাৰ বজাৰ মূল্য অতি কমেও ২০ কোটি টকা ৷ ১২,০০০ কিল’গ্ৰাম কেনাবিন, ১৫ পেকেট গাঞ্জা, ৩ কিল’গ্ৰাম অপিয়াম, ১০৬১৭০ আৰু ৮৪.৩৭৫ কিল’গ্ৰাম অন্যান্য টেবলেট আছিল । তাৰপাচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি ড্ৰাগছ সৰবৰাহকাৰীক (DRUGS PEDDLER) কঠোৰ সকীয়নি প্ৰদান কৰে ৷

কোটি কোটি টকাৰ ড্ৰাগছ দাহ কৰিলে মুখ্যমন্ত্ৰীয়ে

লগতে মুখ্যমন্ত্ৰী শৰ্মাই আইনৰ গণ্ডীৰ ভিতৰত থাকি চৰকাৰে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক কঠোৰ হ‘ব বুলি সদৰী কৰে । ইয়াৰ পিছতো যদি ড্ৰাগছ ব্যৱসায়ীয়ে বিষয়টো সহজভাৱে লৈছে, সেয়া ভুল কৰিছে বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই ৷ অসম আৰক্ষীক দিনে-নিশাই ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী আদি জব্দ কৰাৰ বাবে প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

একেটা অনুষ্ঠানতে গোলাঘাট জিলাত ক'ভিড-19 ত (COVID-19) স্বামীহাৰা হোৱা ৩৫ গৰাকী মহিলাক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে আঢ়ৈ লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিত্তমন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, যোগেন মহন, কেশৱ মহন্ত, অশোক সিংঘাল, বিধায়ক ভবেন ভৰালী, প্ৰশান্ত ফুকন, বিশ্বজিৎ ফুকন আদি উপস্থিত থাকে । একেদৰে দেওবাৰে নগাঁও আৰু হোজাইতো ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী আদি ৰাজহুৱাকৈ দাহন কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে ।

লগতে পঢ়কঃ আইন ভংগকাৰীৰ পৰা জৰিমনা সংগ্ৰহ বাগৰি আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.