ETV Bharat / state

"বৈচিত্ৰময় অসম" ত অন্তৰ্ভুক্ত ন'হল চুতীয়াৰ বুৰঞ্জী : ঠায়ে ঠায়ে প্ৰতিবাদ

যাৰ প্ৰতিবাদত সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ মহকুমা সমিতিয়ে গোলাঘাট দক্ষিণ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ছেবাৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ

"বৈচিত্ৰময় অসম" ত অন্তৰ্ভুক্ত ন'হল চুতীয়াৰ বুৰঞ্জী
author img

By

Published : Aug 3, 2019, 5:29 PM IST

নিউজ ডেস্ক, 3 আগষ্টঃ ছেবাই "বৈচিত্ৰময় অসমৰ" নামৰ পাঠ্যক্ৰমত চুতীয়া জনগোষ্ঠীক অন্তৰ্ভুক্ত নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ধনশিৰি মহকুমা সমিতিৰ ৷ যাৰ প্ৰতিবাদত সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ মহকুমা সমিতিয়ে গোলাঘাট দক্ষিণ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ছেবাৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে ছেবাৰ এই কাণ্ডত জাঙুৰ খাই উঠে চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ ফিল'বাৰী আঞ্চলিক সমিতি ৷ ফিল'বাৰী থানা চাৰিআলিত শনিবাৰে প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ফিল'বাৰী আঞ্চলিক সমিতি সদস্যসকলে ৷ আনহাতে, শীঘ্ৰে নৱম দশম শ্ৰেণীৰ পাঠ্যক্ৰমত চুতীয়া সকলৰ বুৰঞ্জী অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় সমিতিখনে ৷

Intro:ছেবাই বৈচিত্ৰময় অসমৰ পাঠ্যক্ৰমত চুতীয়া জনগোষ্ঠীক অন্তৰ্ভুক্ত নকৰাত  তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ধনশিৰি মহকুমা সমিতিয়ে । ইয়াৰ প্ৰতিবাদত আজি ৰাজ্যখনৰ অন্যঠাইৰ লগতে সৰুপথাৰটো চুতীয়া ছাত্ৰ সন্থাৰ মহকুমা সমিতিয়ে গোলাঘাট দক্ষিন খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত ছেবাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
Body:এক বিবৃতিত সন্থাৰ মহকুমা সমিতিৰ সভাপতি জয়ন্ত বৰা আৰু সম্পাদক অভিজিত শইকীয়াই  ক্ষোভ প্ৰকাশ কৰি কয় যে, ছেবাৰ এনে প্ৰতাৰণা কাৰ্য কেতিয়াও মানি লোৱা নহব, বিশেষ বিশেষ জনগোষ্ঠীকলৈ বৈচিত্ৰময় অসম হব নোৱাৰে, অসমত বসবাস কৰা সকলো খিলঞ্জীয়া জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰিব লাগিব । চেবাৰ জাননী শীঘ্ৰে বাতিল কৰি চুতীয়া জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰি পুনৰ জাননী জাৰি নকৰালৈকে চুতীয়া ছাত্র সন্থাই ছেবাৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি সন্থাই স্পষ্ট কৰি দিয়ে ।Conclusion:Bytes -- Chutia Student

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.