গোলাঘাট, 20 নৱেম্বৰ: গোলাঘাট শুকুৰবাৰে ক’ভিড প্ৰট’কল ৰক্ষা কৰি পালন কৰা হয় ষট পূজা । গোলাঘাট ষট পূজা সমিতিৰ উদ্যোগত ধনশিৰি ঘাটত উদযাপন কৰা হয় পূজা অৰ্চনা। সূৰ্য দেৱতা পূজা উপলক্ষে সামাজিক দূৰত্ব ৰক্ষা কৰি আৰক্ষীৰ নিৰাপত্তাৰ মাজত জিলাখনত অনুষ্ঠিত কৰা হয় ষট পূজা । গোলাঘাট নগৰৰ উপৰিও জিলাখনৰ বিভিন্ন স্থানত ক’ভিড নিৰ্দেশনা মাজেৰে পালন কৰা হয় ষট পূজা ।
লগতে পঢ়ক: ভাল খবৰঃ ৰাষ্ট্ৰীয় ঘাইপথৰে সংযুক্ত হ‘ব নদী দ্বীপ মাজুলী