ETV Bharat / state

বানত ক্ষতিগ্ৰস্তৰ বুজ ল'বলৈ গোলাঘাটত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ দল

author img

By

Published : Nov 15, 2019, 10:14 PM IST

বান ক্ষতিগ্ৰস্তৰ বুজ ল'বৰ বাবে গোলাঘাটত উপস্থিত হ'ল কেন্দ্ৰীয় চৰকাৰৰ এটা দল ৷ দলটোৱে কেৱল এখন গাঁৱতহে উপস্থিত হোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷

কেন্দ্ৰীয় চৰকাৰৰ দল উপস্থিত গোলাঘাটত

গোলাঘাট, 15 নৱেম্বৰ : বানত ক্ষতিগ্ৰস্তৰ বুজ ল'বৰ বাবে শুকুৰবাৰে গোলাঘাটত উপস্থিত হ'ল কেন্দ্ৰীয় চৰকাৰৰ এটা চাৰিজনীয়া দল । কাঠকটীয়া গাঁৱৰ ৰাইজৰ পৰা পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ অন্তত উপায়ুক্তৰ সভাকক্ষত আলোচনাত মিলিত হয় দলটো । পিচে ৰাইজৰ অভিযোগ, এখন গাঁও ভ্ৰমণ কৰি বাকী উপায়ুক্তৰ কাৰ্যালয়ত বহি পাৰ কৰিলে দলটোৱে ৷

কেন্দ্ৰীয় দূৰ্যোগ প্ৰশমন বিভাগৰ দলটোত আছিল বিষয়া অজয় গংগোৱান, কেন্দ্ৰীয় গ্ৰামোন্নয়ন সচিব এচ. বি. তিৱাৰী, যুটীয়া সচিব জিণ্টু দাস আৰু ৰাজ্যিক দূৰ্যোগ প্ৰশমনৰ প্ৰকল্প বিষয়া কৃপালজ্যোতি মজুমদাৰ।

কেন্দ্ৰীয় চৰকাৰৰ দল উপস্থিত গোলাঘাটত

কেৱল এখন গাঁৱৰহে অৱস্থাৰ বুজ লোৱাত ৰাইজে অভিযোগ উত্থাপন কৰে যে, এখন গাঁৱত নিয়মমাফিক বুজ ল'লে কেন্দ্ৰীয় দলটোৱে প্ৰকৃত সমস্যাৰ উমান ল'ব নোৱাৰিব । ধনশিৰি মহকুমাকে সামৰি দেৰগাঁও, খুমটাই অঞ্চলত বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰি আহিছে । জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহলৈ গৈ কেন্দ্ৰীয় দলটোৱে ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ প্ৰয়োজন আছিল বুলি মন্তব্য কৰে ৰাইজে ৷

আৰু পঢ়ক : পদ্মশ্ৰী উদ্ধৱ ভৰালীলৈ "মহাবীৰ লাচিত বঁটা"

Intro:গোলাঘাটত শুক্ৰবাৰে উপস্থিত হ'ল কেন্দ্ৰীয় আন্ত: মন্ত্ৰালয়ৰ দল। গোলাঘাটত উপস্থিত হৈ চাৰিজনীয়া দলটোৱে বুজ ল'লে বানত ক্ষতিগ্ৰস্তৰ মাত্র এখন গাঁৱৰ। এখন গাঁৱৰ বুজ লৈ উপায়ুক্ত কক্ষত আলোচনাত বহিয়েই সামৰিলে দায়িত্ব।Body:গোলাঘাটত কেন্দ্ৰীয় আন্ত:মন্ত্ৰালয়ৰ দল।বুজ ল'বলৈ আহিল বানত ক্ষতিগ্ৰস্তৰ।জিলা সদৰৰ নিকটৱৰ্তী কাঠকটীয়া গাঁৱত বুজ লৈয়ে উভতিল কেন্দ্ৰীয় দলটো। কাঠকটীয়া গাঁৱৰ ৰাইজৰ পৰা পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ অন্তত উপায়ুক্ত সভাকক্ষত আলোচনা দলটোৰ। কেন্দ্ৰীয় দূৰ্যোগ প্ৰশমন বিভাগৰ অজয় গংগোৱান,কেন্দ্ৰীয় গ্ৰামোন্নয়নৰ সচিব এচ.বি.টিৱাৰী,যুটীয়া সচিব জিণ্টু দাস আৰু ৰাজ্যিক দূৰ্যোগ প্ৰশমনৰ প্ৰকল্প বিষয়া কৃপালজ্যোতি মজুমদাৰে গোলাঘাট প্ৰশাসনৰ সহযোগত বুজ লয় ক্ষতিগ্ৰস্তৰ।ৰাইজৰ অভিযোগ কেৱল এখন গাঁৱত নিয়মমাফিক বুজ লৈ কেন্দ্ৰীয় দলটোৱে প্ৰকৃত সমস্যাৰ উমান ল'ব নোৱাৰিব। ধনশিৰি মহকুমাকে সামৰি দেৰগাও,খুমটাই অঞ্চলত বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰি আহিছে। জিলা খনৰ স্পৰ্শকাতৰ অঞ্চল সমূহলৈ গৈ কেন্দ্ৰীয় দলটোৱে ক্ষয় ক্ষতিৰ বুজ লোৱাৰ প্ৰয়োজন আছিল বুলি চৰ্চা হৈছে।Conclusion:Byte 1 : Central team
Byte 2 : ক্ষতিগ্ৰস্ত লোক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.