ETV Bharat / state

Farmers at police stations instead of fields: একেটা নিশাতে চোৰে লৈ গ’ল গাই, বলধসহ সাতটাকৈ গৰু

author img

By

Published : Jul 19, 2022, 10:00 PM IST

পথাৰ এৰি আৰক্ষী থানাত বোকাখাতৰ কৃষক ৷ চোৰৰ উপদ্ৰৱত চকুলোৰে বাট নেদেখা কৰিছে কৃষকক ৷ হালৰ গৰুহালকো খেতিৰ ভৰপক সময়তে চোৰে লৈ যোৱাত কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে কৃষকসকল (Farmers in trouble over cow theft during farming)৷

Cattle Theft at Bokakhat
একেটা নিশাতে চোৰে লৈ গ’ল গাই, বলধসহ সাতটাকৈ গৰু

বোকাখাত, 19 জুলাই: এতিয়া শাওন মাহ । ধান খেতিৰ ভৰপক সময় । কৃষকৰ উভতি চাবলৈ সময় নাই । বছৰটোলৈ সোনগুটিকেইটা গোটোৱাৰ সপোনত ব্যষ্ট কৃষক । কিন্তু বোকাখাতৰ একাংশ কৃষকৰ এতিয়া হাহাকাৰ অৱস্থা(Farmers in trouble over cow theft during farming) । পথাৰ এৰি কান্দি কান্দি উপস্থিত হৈছে আৰক্ষী থানাত ।

পুৱা হাললৈ বুলি ওলাই দুৱাৰ খুলি দেখিছে গোহালীৰ বলধ হাল নাই, নাই মানে দমৰা আৰু গাই কেইজনীও নাই । ভূঁই ৰোৱাৰ এই ভৰপক সময়ত বোকাখাতৰ তামুলীপথাৰ, জাপৰিপথাৰ, কলাখোৱাৰ লগতে বহু গাঁৱৰ পৰা নিশা হ’লেই চুৰি হ’বলৈ ধৰিছে গৰু আৰু ছাগলী (Cattle theft at Bokakhat)। নিশা হ'লেই অচিনাক্ত বাহন ঘূৰি ফুৰে বোকাখাতৰ গ্ৰাম্যাঞ্চলত ।

একেটা নিশাতে তামুলিপথাৰ আৰু জাপৰিপথাৰৰ পৰা চোৰে লৈ যায় গাই, বলধসহ সাতটাকৈ গৰু । গাওঁৰক্ষী বাহিনীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ এতিয়া দৈনিক বোকাখাতৰ গ্ৰাম্যাঞ্চলত বৃদ্ধি পাইছে এনে গৰু চুৰিৰ ঘটনা । ইফালে গৰুৰ গৃহস্থই কিংকৰ্তব্যবিমূঢ় হৈ বোকাখাত আৰক্ষীৰ(Bokakhat Police Station) ওচৰত এজাহাৰ দাখিল কৰিছে যদিও বোকাখাত আৰক্ষী সম্পূৰ্ণ বিফল চোৰ ধৰাত ।

লগতে পঢ়ক: Senior assistant of Civil Hospital arrested: উৎকোচ লৈ গ্ৰেপ্তাৰ ৰবিৰাম বড়ো অসামৰিক চিকিৎসালয়ৰ জেষ্ঠ সহায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.