সৰুপথাৰ, 21 আগষ্ট : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ 2 নং কৰিগাঁৱৰ আলি বক্সৰ পুত্ৰ ইদৃশ আলিক বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছিল ৷ সেইসূত্ৰে, 2018 চনত কেইবাটাও শুনানী অনুষ্ঠিত কৰা হ'ল যদিও বিষয়টো সন্দৰ্ভত জ্ঞাত নোহোৱাত আদালতত উপস্থিত নহ'ল ইদৃশ আলি ৷ ইয়াৰ পাছতে ঠেলা চলাই জীৱন নিৰ্বাহ কৰা আলিক গ্ৰেপ্তাৰ কৰি যোৰহাটৰ ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰা হয় ৷ বুধবাৰে সীমান্ত আৰক্ষীৰ এটা দলে ইদৃশ আলিক গ্ৰেপ্তাৰ কৰিবলৈ আহোঁতেহে বিদেশী ঘোষণা কৰাৰ কথা গম পাই তেওঁ ৷
উল্লেখযোগ্য যে, সীমান্ত আৰক্ষীৰ তদন্তকাৰী বিষয়াৰ গাফিলতিৰ বাবে নামনি অসমত স্বদেশীক বিদেশী সজাই হাৰাশাস্তি কৰাৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছিল ৷