ETV Bharat / state

Cage Culture fish farmingৰ জৰিয়তে মীন পালন

পানীৰ মাজতে উপঙি থকা অৱস্থাত মীন পালনৰ ব্যতিক্ৰমী পদ্ধতি । ১৯ লাখ টকা ব্যয়েৰে এইদৰে বিজ্ঞানসন্মত পদ্ধতিৰে মাছ উৎপাদন কৰিছে গোলাঘাটৰ ১০ গৰাকী যুৱকে । কেনেদৰে Cage Culture fish farmingৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰি ? চাও আহক আমাৰ এই প্ৰতিবেদন ।

author img

By

Published : Jun 2, 2021, 1:32 PM IST

Cage Culture fish farming
Cage Culture fish farmingৰ জৰিয়তে মাছ উৎপাদন

গোলাঘাট, ২ জুন: বিজ্ঞানসন্মত পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে গোলাঘাটৰ কেইগৰাকীমান যুৱকে । Cage Culture fish farmingৰ জৰিয়তে মাছৰ উৎপাদন কৰিছে যুৱককেইজনে ।

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ শংকৰ বিলত ১৯ লাখ টকা ব্যয়েৰে Cage Culture fish farmingৰ জৰিয়তে মাছৰ উৎপাদন কৰিছে জিলাখনৰ ১০ গৰাকী যুৱকে । পানীত উপঙি থাকিব পৰাকৈ প্লাষ্টিকৰ ড্ৰামেৰে চাৰিও দিশ আগুৰি ভিতৰত জাল সংযুক্ত কৰা হৈছে ।

দেখাত ঠিক পাৰ বান্ধি দিয়া পুখুৰীৰ দৰে, কিন্তু ই ২৪ ঘন্টাই পানীত উপঙি থাকে । মীন বিভাগৰ সহযোগিতাত সদৌ অসম অনুসূচীত জাতি ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা পৰমানন্দ দাসৰ নেতৃত্বত দহজনীয়া যুৱকৰ দলে এই বিজ্ঞানসন্মত পদ্ধতিৰে মাছ উৎপাদন কৰিবলৈ আৰম্ভ কৰিছিল ।

Cage Culture fish farmingৰ জৰিয়তে মীন পালন

Cage Culture fish farmingৰ জৰিয়তে উপাৰ্জনৰ বাট মুকলি কৰাৰ প্ৰয়াস কৰিছে যুৱককেইজনে । উজনি অসমত এই ব্যৱস্থা প্ৰথমবাৰ বাবে গোলাঘাটতে আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিছে যুৱককেইজনে । সমগ্ৰ ব্যৱস্থাটো নিৰীক্ষণ কৰি থাকিব পৰাকৈ পানীতে উপঙি থকা এটা ঘৰো আছে ।

সৌৰ শক্তিৰ দ্বাৰা বিদ্যুতৰ ব্যৱস্থাও কৰা হৈছে পানীৰ মাজতে । এই পদ্ধতিৰে থলুৱাভাৱে মাছ উৎপাদন কৰিলে বহু নিবনুৱা উপকৃত হ'ব আৰু ধন উপাৰ্জন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে পৰমানন্দ দাসে ।

এই পদ্ধতিৰ জৰিয়তে মাছ উৎপাদন কৰি অন্ধ্ৰপ্ৰদেশৰ লগতে আন বহিঃৰাজ্যৰ পৰা অসমলৈ আমদানি হোৱা মাছৰ চাহিদা পূৰণ কৰিব পৰা যাব বুলি আশা কৰিব পাৰি । এতিয়া কেৱল চৰকাৰ, মীন বিভাগৰ লগতে কৰ্ম সংস্থাপনৰ বাবে হাহাকাৰ কৰি থকা নিবনুৱাৰ সদিচ্ছাৰ প্ৰয়োজন ।

লগতে পঢ়ক:‘কাজিৰঙাক অকলে এৰি দিয়ক’: অসম চৰকাৰক সমালোচনা দিয়া মিৰ্জাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.