ETV Bharat / state

কেবৰ বিৰুদ্ধে প্ৰতিবাদত উথলি উঠিছে অসমৰ আকাশ-বতাহ

author img

By

Published : Dec 11, 2019, 3:53 AM IST

নেছ’ৰ কেবৰ বিৰুদ্ধে মঙলবাৰে সমগ্ৰ নৰ্থ-ইষ্ট বন্ধৰ আহ্বানক সমৰ্থন কৰি সমগ্ৰ ৰাজ্যত চলিল নিৰবচ্চিন্নভাৱে প্ৰতিবাদ ৷ বৰ্তমান দিনজোৰা প্ৰতিবাদৰ পিছতো কেবৰ বিৰুদ্ধে সন্ধিয়া ৰাজপথলৈ ওলাই আহিছে দল-সংগথনৰ লগতে স্বতঃস্ফুৰ্তভাৱে সহস্ৰাধিক জনসাধাৰণ ৷ প্ৰতিবাদৰ জুইত জ্বলিছে বৰ্তমান সমগ্ৰ ৰাজ্য ৷

CAB protest in Whole assam
কেবৰ বিৰুদ্ধে উথলি উঠিছে অসমৰ আকাশ-বতাহ

ধেমাজি,১০ ডিচেম্বৰ: ধেমাজিত নিশা কেবৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল সহস্ৰাধিক জনতা ৷ ম'বাইলৰ পোহৰত জ্বিলিকিল ধেমাজিৰ ৰাজপথ ৷ বুধবাৰে পুৱাৰে পৰা ধেমাজি উত্তপ্ত হৈ পৰা বন্ধৰ বাবে স্বাভাৱিক জীৱন অচল কৰি দিয়াৰ পিছত নিশা শ্বহীদ বেদীত আহি সমবেত হয় সহস্ৰাধিক প্ৰতিবাদী জনতা ৷ আৰু তাত সংকল্প লয় দল-সংগঠন আৰু ৰাইজে ৷ সাংসদ বিধায়কক যিকোনো স্থানত চেণ্ডেলৰ মালা পিন্ধাবৰ বাবে আহ্বান প্ৰতিবাদকাৰীৰ ৷ লক্ষ্যনীয় যে হাতে হাতে জোঁৰ লোৱাৰ বিপৰীতে হাতে হাতে মোবাইলৰ টৰ্চ জ্বলাই নিশা পোহৰাই তোলে ধেমাজি নগৰৰ ৰাজপথ ৷

ধেমাজিত নিশা কেবৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল সহস্ৰাধিক জনতা

জনিয়া: জনিয়া সমষ্টিৰ কাদংত কেবৰ বিৰুদ্ধে চি পি আই এমৰ জোঁৰ সমদল । এই সমদলত প্ৰতিবাদকাৰীসকলে হিমন্ত বিশ্ব মুৰ্দাবাদ, অমিত শ্বাহ মুৰ্দাবাদ, কেব আমি নামানো, জাতিধ্বংসী কেব বাতিল কৰক আদি শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ । লগতে স্থানীয় ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ৰাজপথত টায়াৰ জ্বলাই কেব বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

জনিয়া সমষ্টিৰ কাদংত কেবৰ বিৰুদ্ধে চি পি আই এমৰ জোঁৰ সমদল

শিৱসাগৰ: শিৱসাগৰত কৰ্তব্যৰত সাংবাদিকক আৰক্ষীৰ আক্ৰমণ । কেব বিৰোধী নেতা শৃংখল চলিহাক শিৱসাগৰ আৰক্ষীৰ গৌৰীসাগৰ থানাই আটক কৰাৰ পাছত সৃষ্টি হোৱা পৰিস্থিতিৰ বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়ত আৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণৰ বাবে কৰা লাঠিচালনাত দুই সংবাদকৰ্মী আঘাতপ্ৰাপ্ত হয় । সাংবাদিক শশাংক গগৈ আৰু আচিফ আলিয়ে আৰক্ষীৰ কোব খাব লগা হোৱাত এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰেছে । শিৱসাগৰ সদৰ থানাৰ সন্মুখত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে শিৱসাগৰ ই-মিডিয়া সংস্থাই শিৱসাগৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে ।

শিৱসাগৰত কৰ্তব্যৰত সাংবাদিকক আৰক্ষীৰ আক্ৰমণ

বিলাসীপাৰা: বিলাসীপাৰাত মঙলবাৰে সন্ধিয়া আমছু, কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তথা ৰাইজৰ সহযোগত আৰু অন্যান্য সংগঠনৰ উদ্যোগত কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বিলাসীপাৰাৰ আই বি বাংলাৰ পৰা হাতে হাতে জুই লৈ চহৰখনত সাব্যস্ত কৰে এই প্ৰতিবাদ । উক্ত প্ৰতিবাদী সমদলত প্ৰায় পাঁচ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ।

বিলাসীপাৰাত কেবৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ

গোলাঘাট: গোলাঘাটতো কেবৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মঙলবাৰে পুৱাৰে পৰা গোলাঘাটত বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । পুৱা ৰাজপথত টায়াৰ জ্বলোৱাৰ পৰা ৰে’ল অৱৰোধ কৰালৈকে চৌদিশ প্ৰতিবাদত উত্তাল হৈ পৰে । বিয়লি গোলাঘাট নগৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূৰ্বাঞ্চলীয় সাংস্কৃতিক গোষ্ঠীয়ে ।

গোলাঘাটতো কেবৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ
ইফালে গোলাঘাটৰ দৈগ্ৰোঙত আৰক্ষীৰ লাঠী চালনা । কেবৰ বিৰুদ্ধে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিব নোৱাৰা নুমলীগড় আৰক্ষী চকীৰ আৰক্ষীয়ে লাঠী চালনা কৰিলে প্ৰতিবাদকাৰীৰ ওপৰত । সাংবাদিক আৰু নিৰীহ জনতাৰ ওপৰত কৰা লাঠী চালনাৰ ঘটনাৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে বহু কেইটা দল সংগঠনে ।
গোলাঘাটৰ দৈগ্ৰোঙত আৰক্ষীৰ লাঠী চালনা
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা বিজেপিৰ জেষ্ঠ নেতা কৃষ্ণ কুমাৰ শইকীয়াৰ বাসগৃহলৈ গেলা কণী নিক্ষেপ মাৰ্ঘেৰিটা আছুৰ । কেবৰ সমৰ্থনত ফেচবুকত বিভিন্ন মন্তব্য দিয়াৰ অভিযোগত এই পদক্ষেপ গ্ৰহণ কৰে আছু কৰ্মীয়ে ।
মাৰ্ঘেৰিটা বিজেপিৰ জেষ্ঠ নেতা কৃষ্ণ কুমাৰ শইকীয়াৰ বাসগৃহলৈ গেলা কণী নিক্ষেপ

আৰু পঢ়কঃ অসমৰ প্ৰান্তে প্ৰান্তে শিল্পী সমাজৰ তীব্ৰ প্ৰতিবাদ

Intro:ধেমাজিত নিশা কেবৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে ওলাই সহস্ৰাধিক জনতা ৷ মোবাইলৰ পোহৰত কপি উঠিল ৰাজপথBody: ৷

ধেমাজি , ১০ ডিচেম্বৰ :

নিশা ধেমাজিৰ ৰাজপথত হাজাৰ হাজাৰ কেব বিৰোধী
জনতা ৷ বুধবাৰে পুৱাৰে পৰা ধেমাজি উত্তপ্ত হৈ পৰা বন্ধত স্বাভাবিক জীৱন অচল কৰি দিয়াৰ পিছত নিশা শ্বহীদ বেদিত আহি সমবেত হল সহস্ৰাধিক প্ৰতিবাদী জনতা ৷ সংকল্প ললে দল সংগঠন ৰাইজে ৷ সাংসদ বিধায়কক যিকোনো স্থানত চেণ্ডেলৰ মালা পিন্ধাবৰ আহ্বান প্ৰতিবাদীৰ ৷ যিকোনো মূল্যৰ বিনিময়ত কেবৰ বিৰোধীতা কৰি যাব
ধেমাজীবাসীয়ে ৷লক্ষনীয় যে হাতে হাতে জোঁৰ লোৱা ৰ বিপৰীতে হাতে হাতে
মোবাইলৰ টচ জ্বলাই নিশা পোহৰাই তুলিলে ধেমাজি নগৰৰ
ৰাজপথ ৷ নৰেন্দ্ৰ মোদী হায় হায় , অমৃত শ্বাহ গ’ বেক , সৰ্বানন্দ হুচিয়াৰ ,হিমন্ত বিশ্ব হুচিয়াৰ ধ্বনিত উত্তাল হৈ পৰিল ধেমাজিৰ চৌপাশ ৷

Spech - প্ৰতিবাদী

byte..1 &2

Pradunya Bharali , Dhemaji , Assam . 10/12/2'019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.