ETV Bharat / state

নতুন চৰকাৰৰ নিযুক্তি নীতিক লৈ শংকিত কেন্দ্ৰীয় টেট উত্তীৰ্ণ শিক্ষাৰ্থী

author img

By

Published : Jun 1, 2021, 7:50 PM IST

অসম চৰকাৰৰ এক লাখ নিবনুৱাক চাকৰি প্ৰদানৰ বাবে গঠন কৰা হৈছে এখন উচ্চস্তৰীয় বাছনি সমিতি ৷ শিক্ষা বিভাগত হ'বলগীয়া নিযুক্তিত কেন্দ্ৰীয় টেট উত্তীৰ্ণ শিক্ষাৰ্থী সকলক অগ্ৰাধিকাৰ নিদিয়াক লৈ ক্ষোভ প্ৰকাশ টেট উত্তীৰ্ণ শিক্ষাৰ্থীৰ ৷

c-tet-comittee-press-meet-regarding-new-1-lakh-appointment-of-assam-government
নতুন চৰকাৰৰ নিযুক্তি নীতিক লৈ শংকিত কেন্দ্ৰীয় টেট উত্তীৰ্ণ শিক্ষাৰ্থী

গোলাঘাট, 1 জুন: অসম চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি হ'ল এক লাখ নিবনুৱাক চাকৰি প্ৰদান । ইয়াক লৈ ইতিমধ্যে গঠন কৰা হৈছে এখন উচ্চস্তৰীয় বাছনি সমিতি । কিন্তু এই সমূহৰ মাজত নিযুক্তিক লৈ শংকিত হৈছে কেন্দ্ৰীয় টেট শিক্ষাৰ্থী । কেন্দ্ৰীয় টেট সমিতি গোলাঘাট জিলাৰ বিষয়ববীয়াই এইবাৰ শিক্ষা বিভাগত হ'বলগীয়া নিযুক্তিত কেন্দ্ৰীয় টেট উত্তীৰ্ণ শিক্ষাৰ্থী সকলক অগ্ৰাধিকাৰ নিদিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে ।

গোলাঘাট সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত কেন্দ্ৰীয় টেট সমিতিৰ বিষয়ববীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় টেট উত্তীৰ্ণ হোৱা সকলক নিযুক্তি প্ৰক্ৰিয়াত সুবিধা দিবলৈ কৰযোৰে অনুৰোধ জনায় । সংবাদমেল সম্বোধন কৰা বিষয়ববীয়াই অসমৰ শিক্ষা মন্ত্ৰী ডা৹ ৰণোজ পেগুৱে কেন্দ্ৰীয় টেটত উত্তীৰ্ণ হোৱা সকলক অগ্ৰাধিকাৰ নিদিয়া বিষয়টো পুনৰ বাৰ বিবেচনা কৰি নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ সুবিধা প্ৰদানৰ অনুৰোধ জনায় ।

উল্লেখযোগ্য যে, অসমত দ্বিতীয় বাৰৰ বাবে গঠন হোৱা বিজেপি চৰকাৰৰ মুখ্য নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল এক লাখ নিবনুৱাক চাকৰি প্ৰদান । এই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ইতিমধ্যে অজন্তা নেওগক লৈ এখন উচ্চস্তৰীয় বাছনি সমিতি গঠন কৰা হৈছে ।

বিশেষকৈ শিক্ষা বিভাগত বেছি সংখ্যক নিযুক্তি লাভ কৰিব । নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ নহওতেই কেন্দ্ৰীয় টেটত উত্তীৰ্ণ হোৱা সকলৰ শংকিত হোৱা বিষয়টো নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে কৰিব সেইয়াই হ'ব লক্ষ্যণীয় ।

লগতে পঢ়ক : হোজাইত অব্যাহত হাতী-মানুহৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.