ETV Bharat / state

Boyfriend attacks lovers family: প্ৰাক্তন প্ৰেমিকে ঘপিয়ালে প্ৰেমিকাৰ পিতৃ-মাতৃক

author img

By

Published : Dec 4, 2022, 8:33 PM IST

গোলাঘাটত সংঘটিত হোৱা এটা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰাক্তন প্ৰেমিকে সুৰাৰ ৰাগিত মাতাল হৈ ঘপিয়ালে প্ৰেমিকাৰ পিতৃ-মাতৃক ৷ সম্প্ৰতি সংকটজনক অৱস্থাত যুৱতীগৰাকীৰ পিতৃ-মাতৃ চিকিৎসাধীন যোৰহাটত ৷

Boyfriend attacks lovers family
প্ৰাক্তন প্ৰেমিকে ঘপিয়ালে প্ৰেমিকাৰ পিতৃ-মাতৃক

গোলাঘাট, 4ডিচেম্বৰ: শনিবাৰে নিশা গোলাঘাটৰ শালমৰাৰ কুৰুকা গাঁৱত সংঘটিত হোৱা এটা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ(Sensational incident in Golaghat) ৷ সুৰামত্ত প্ৰাক্তন প্ৰেমিকে দাৰে ঘপিয়াই আহত কৰিলে প্ৰেমিকাৰ পিতৃক(Ex boyfriend attacked lovers parent) ৷ কেৱল সিমানেই নহয়, প্ৰেমিকাৰ পিতৃক আক্ৰমণ কৰাৰ লগতে আক্ৰমণ কৰিলে প্ৰেমিকাৰ মাতৃ আৰু প্ৰেমিকাকো ৷ উল্লেখ্য যে, প্ৰেমিকাৰ সৈতে সম্পৰ্ক বিচ্ছেদ হোৱাৰ পিছতে লম্পট প্ৰেমিকে দীৰ্ঘদিন ধৰি প্ৰাক্তন প্ৰমিকাৰ পৰিয়ালক শাৰীৰিক আৰু মানসিকভাৱে অপদস্থ কৰি আহিছিল ৷ তাৰ পৰিণতিতেই শনিবাৰে নিশা সংঘটিত হ’ল এই অনাকাংক্ষিত ঘটনা ৷

প্ৰেমিকাৰ অভিযোগ অনুসৰি, শনিবাৰে নিশা সুৰামত্ত প্ৰাক্তন প্ৰেমিকে প্ৰথমে প্ৰেমিকাৰ পৰিয়ালৰ লোকক জাতি-বৰ্ণ-সম্প্ৰদায়ক লৈ গালি-গালাজ কৰা আৰম্ভ কৰে । ফলত অতিষ্ঠ হৈ উদণ্ড প্ৰেমিকক বাধা দিবৰ বাবে আগবাঢ়ি যায় প্ৰেমিকাৰ পিতৃ ৷ যুৱতীগৰাকীৰ পিতৃয়ে বাধা দিবলৈ চেষ্টা কৰোঁতেই ঘৰৰ পৰা এখন চোকা দালৈ লম্পট প্ৰেমিকে আক্ৰমণৰ লক্ষ্য কৰি লয় পিতৃক ৷

একে সময়তে লম্পট প্ৰেমিকৰ পৰিয়ালৰ লোকেও যুৱতীগৰাকীৰ লগতে পৰিয়ালৰ লোকৰ ওপৰত আক্ৰমণ চলায় ৷ ফলত যুৱতীগৰাকীৰ পিতৃয়ে দাৰ ঘাপত আঁঠুত আঘাত পোৱাৰ লগতে মাতৃয়ে গাল আৰু মূৰত আঘাত পায় ৷ যুৱতীগৰাকীকো ডিঙিত আক্ৰমণ কৰিছিল যদিও কথমপিহে ৰক্ষা পৰে(lovers parent injured grievously) ৷

এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ ঘটনাক কেন্দ্ৰ কৰি এতিয়াও অঞ্চলটোত অব্যাহত আছে চেপা উত্তেজনা ৷ ঘটনা সংঘটিত হোৱাৰ পিছতেই ততালিকে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে গোলাঘাট আৰক্ষীক খবৰ দিয়ে ৷ আনহাতে, যুৱতীগৰাকীৰ আহত পিতৃ-মাতৃক ভৰ্তি কৰোৱা হয় গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৷ কিন্তু অৱস্থা অতি সংকটজনক হোৱাৰ বাবে দুয়োকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যোৰহাটলৈ ৷ ইফালে ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: অবৈধ জুৱাখেলৰ বিৰুদ্ধে কঠোৰ স্থিতি বৰপেটা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.