ETV Bharat / state

চোৰাং চিকাৰীৰ গুলীত আহত আৰক্ষী

author img

By

Published : Jul 22, 2021, 8:45 PM IST

ৰাজ্যত পুনৰ সংঘটিত গুলীচালনাৰ ঘটনা ৷ বুধবাৰে নিশা আৰক্ষী আৰু চোৰাংচিকাৰীৰ মাজত সংঘটিত হয় এই গুলীয়াগুলি ৷ এই গুলীচালনাত গুৰুতৰভাৱে আহত হৈছে এগৰাকী কনিষ্টবল ৷

bokakhat police firing case
চোৰাং চিকাৰীৰ গুলীত আহত আৰক্ষী জোৱান

বোকাখাত, 22 জুলাই : বুধবাৰে নিশা পাণবাৰী ৰিজাৰ্ভ ফৰেষ্টত সংঘটিত হয় এক অঘটন ৷ আৰক্ষীৰ বন্দুক কাঢ়ি আৰক্ষীকে গুলীয়াবলৈ উদ্যত হয় চোৰাং চিকাৰী ৷ চোৰাং চিকাৰীৰ গুলীত আহত হয় এগৰাকী কনিষ্টবল ৷

ঘটনাৰ বিৱৰণী অনুসৰি, 13 জুলাইত মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা আটক কৰা হয় থাংগৌসিং ভি খামখৌপক নামৰ এজন চোৰাং চিকাৰী ৷ গঁড় হত্যাৰ লগত জড়িত থকাৰ সন্দেহত বোকাখাত থানাৰ 195/2020 নং গোচৰৰ ভিত্তিত আটক কৰা হয় থাংগৌসিং ভি খামখৌপক ৷ আটকাধীন চোৰাং চিকাৰীটো NSCN ৰ প্ৰাক্তন সদস্য আৰু বৰ্তমান ZRA নামৰ এক উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত ৷

13 জুলাইত বোকাখাত আৰক্ষীয়ে আটক কৰা খামখৌপক মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত নিয়া হৈছিল লুকুৱাই থোৱা মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ ৷

কিন্তু আদবাটতে পাণবাৰী ৰিজাৰ্ভ ফৰেষ্টৰ সমীপতে আৰক্ষীৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰে চোৰাং চিকাৰীটোৱে ৷ যাৰ ফলত আৰক্ষীয়ে চোৰাং চিকাৰীটোক লক্ষ্য কৰি গুলীয়াবলৈ বাধ্য হয় ৷ আৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত সংঘটিত হোৱা এই সংঘৰ্ষত চোৰাং চিকাৰীটোৰ লগতে গুৰুতৰভাৱে আহত হয় এগৰাকী কনিষ্টবল ৷

আহত কনিষ্টবলগৰাকীৰ নাম জুৱেল গগৈ ৷ পৰৱৰ্তী সময়ত নিশাৰ ভাগতে আহত দুয়োগৰাকীকে ভৰ্তি কৰোৱা হয় JMCH ত ৷ এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ চোৰাং ব্যৱসায় তথা গঁড় হত্যাৰ সবিশেষ তথ্যৰ বাবে থাংগৌসিং ভি খামখৌপক জেৰা অব্যাহত ৰাখিছে বোকাখাত আৰক্ষীয়ে ৷

লগতে পঢ়ক: বোকাখাত আৰক্ষীৰ জালত গঁড়ৰ চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.