ETV Bharat / state

ট্ৰাকত 47 টা মৃত গৰু উদ্ধাৰৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে বোকাখাতত

author img

By

Published : Sep 19, 2022, 5:08 PM IST

ট্ৰাকৰ ভিতৰত 47 টাকৈ মৃত গো-ধন উদ্ধাৰৰ ঘটনাই চাঞ্চল্যই সৃষ্টি কৰিছে(Cattle found death inside truck at Bokakhat) ৷ গো-ধনসমূহ কঢ়িয়াই নিয়া ট্ৰাকখন জব্দ কৰাৰ লগতে আটক কৰা হৈছে চালকজনক ৷ ঘটনা সন্দৰ্ভত চালকজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ট্ৰাকত 47 টা মৃত গৰু উদ্ধাৰৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে বোকাখাতত
ট্ৰাকত 47 টা মৃত গৰু উদ্ধাৰৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে বোকাখাতত

বোকাখাত, 19 ছেপ্টেম্বৰ: বোকাখাতত এখন ট্ৰাকৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা কৰা হ’ল 47 টা মৃত গো-ধনৰ লগতে জীৱিত অৱস্থাত থকা এটা গো-ধন ৷ যিখন দেশত গৰুক পূজা কৰা হয়, সেই দেশতে গৰুৰ চোৰাং ব্যৱসায়ীৰ হাতত একেদিনাই মৃত্যু হ’ল ৪৭ টা গো-ধন (Cattle found death inside truck at Bokakhat)। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বোকাখাতত ৷

বোকাখাতত অবাধে চলি থকা চোৰাং গৰুৰ সৰবৰাহৰ পৰিণতিতে সংঘটিত হ’ল এই কৰুণ ঘটনা (Illegal cattle transportation at Bokakhat)। দেওবাৰে নিশা বোকাখাত আৰক্ষীৰ তালাচীত চোৰাংকৈ সৰবৰাহ কৰা গৰুসহ জব্দ কৰা হৈছিল AS02 E5998 নম্বৰৰ এখন ট্ৰাক । বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত জব্দ হোৱা বাহনখনত আছিল ৪৮ টা গৰু (Cattle smuggling at Bokakhat)। গৰুভৰ্তি ট্ৰাকখন বোকাখাতৰ ৰজাবাৰীৰ পৰা চামুগুৰিলৈ গৈ আছিল আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

চোৰাংকৈ গৰু সৰবৰাহ কৰা ট্ৰাকখনৰ চালক মুচাৰফ হোছেইনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে । চালকৰ স্বীকাৰোক্তি অনুসৰি গৰুসমূহ বোকাখাতৰ ৰজাবাৰীৰ পৰমা দাস নামৰ লোকজনৰ চৌহদৰ পৰা নিয়া হৈছিল । বোকাখাতৰ বিহৰা বজাৰত সপ্তাহৰ প্ৰতি দেওবাৰে গৰুৰ বজাৰ বহে যদিও উক্ত গৰুসমূহ ক'ৰ পৰা সৰবৰাহ কৰিছিল এতিয়াও নিশ্চিত হোৱা নাই ।

ইফালে বোকাখাতৰ সংবাদকৰ্মীসকলে গৰুৰ চোৰাং বেহা বন্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে চৰকাৰক ৷ লগতে RSS ৰ এটা দলেও মৃত গো-ধনসমূহ প্ৰত্যক্ষ কৰাৰ লগতে এনে অবৈধ্য কাৰ্য বন্ধ কৰাৰ বাবে চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক: আঠখেলীয়া নামঘৰত ওলমিল তলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.