ETV Bharat / state

বোকাখাতৰ বন্যাৰ্তৰ কাষত মন্ত্ৰী অতুল বৰা

ৰাজ্য়জুৰি বানৰ তাণ্ডৱ(Flood situation in assam) । বানত বিধ্বস্ত বোকাখাতৰ বিস্তীৰ্ণ অঞ্চল(Flood situation in Bokakhat) । বন্যাৰ্তৰ কাষত ঠিয় দিছে জনপ্ৰতিনিধি । সোমবাৰে বোকাখাতৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই(Atul Borah visited flood affected area of Bokakhat) । বুজ ললে বন্যাৰ্তৰ অভাৱ অভিযোগ ।

author img

By

Published : Jun 20, 2022, 2:48 PM IST

bokakhat flood situation inspection minister atul borah
বোকাখাতৰ বন্যাৰ্তৰ কাষত মন্ত্ৰী অতুল বৰা

বোকাখাত,২০ জুন: সমগ্ৰ ৰাজ্যজুৰি এতিয়া বানে ধাৰণ কৰিছে বিধ্বংসী ৰূপ(Flood situation in assam) ৷ বন্যাৰ্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ(Flood situation in Bokakhat) ৷ বোকাখাত মহকুমাতো বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ মন্ত্ৰী অতুল বৰাই সোমবাৰে মহকুমাতোৰ বিভিন্ন বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে(Atul Borah visited flood affected area of Bokakhat) ৷

বোকাখাতৰ কুৰুৱাবাহীৰ যোগনীয়া অঞ্চলৰ বানৰ কবলত পৰা সমষ্টিৰ ৰাইজৰ কাষত উপস্থিত হৈ ৰাইজৰ অভাৱ অভিযোগৰ বুজ ললে মন্ত্ৰীগৰাকীয়ে । বোকাখাত মহকুমা প্ৰশাসনে নিৰ্মাণ কৰা অস্থায়ী বান শিবিৰত আশ্ৰয় গ্ৰহন কৰা লোক সকলৰ খাদ্য সামগ্ৰী, শিবিৰত বিদ্যুৎ যোগান আৰু পশু খাদ্যকে আদি কৰি সকলো সামগ্ৰী যোগান ধৰা হব বুলি মতপোষণ কৰে মন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে বোকাখাত মহকুমাৰ ২১ খনকৈ ৰাজহ গাওঁ বৰ্তমান বানৰ কবলত । প্ৰায় ৩০ হাজাৰ হেক্টৰ কৃষি পথাৰ পানীৰ তলত । বোকাখাতৰ মৰিয়াহোলা দলঙৰ তলেৰে সোমোৱা বানে পৰঙণীয়া,মিছামৰিয়া,শিলজূৰি কাক'জুৰি,যোগনীয়া,দেওদিয়া,হাউটি অঞ্চল বুৰাই পেলাইছে । নিশা হঠাতে সোমোৱা বানে গাঁওসমূহৰ লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ।

ইতিমধ্যে তিনিসুঁতি মৰিয়া হোৱা সংযোগী পকী পথ একাধিক স্থানত ডুব যোৱাত যাতায়ত বিঘ্নিত হৈছে । নিশাই লাম লাকটু,পশুধনসহ ৰাইজে আশ্ৰয় লৈছে মথাউৰিত । জানিব পৰা মতে এতিয়াও গাঁৱৰ ভিতৰতে আৱদ্ধ বহুকেইটা পৰিয়াল ।

স্থানীয় লোকে অভিযোগ যে উক্ত অঞ্চলৰ মৰিয়াহোলাত পূৰ্বতে থকা শ্লুইছ গেট আঁতৰাই উক্ত স্থানত দলং নিৰ্মাণ কৰাৰ বাবেই সহজতে ধনশিৰি আৰু ব্ৰম্মপুত্ৰৰ পানীয়ে প্লাৱিত কৰে সমগ্ৰ কুৰুৱাবাহী অঞ্চল ।

লগতে পঢ়ক: কলিয়াবৰৰ কাঞ্চনজুৰি এনিমেল ক’ৰিডৰত অভিযান: স্পীড লিমিট বৃদ্ধি নকৰিবলৈ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.