বোকাখাত,০১ এপ্ৰিল: বাপোতিসাহোন ৰঙালী বিহুটি উলহ-মালহৰে পাতিবলৈ ৰাজ্যজুৰি ভীষণ ব্যস্ততা । পূৰ্ণগতিত চলিছে বিহুৰ কৰ্মশালা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বোকাখাততো পূৰ্ণোদ্যমে চলিছে বিহুৰ কৰ্মশালা (Bihu workshop in Bokakhat) ।
বোকাখাত আঞ্চলিক ছাত্ৰসন্থাৰ উদ্যোগত বোকাখাত ৰাজহুৱা খেলপথাৰত ১০ দিনীয়াকৈ আয়োজন কৰা হৈছে বিহু কৰ্মশালাখনি । প্ৰায় তিনি শতাধিক নাচনী আৰু শতাধিক শিশুৱে বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাখনিত অংশগ্ৰহণ কৰিছে । কৰ্মশালাখনিত বিহুনাচৰ প্ৰশিক্ষণ প্ৰদান কৰিছে বিহুৱতী গীতামনি দত্তই ৷ আনহাতে ঢোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ঢোলৰ ওজা দেবেন গগৈয়ে ।
অসমীয়া সংস্কৃতিৰ আধাৰ স্বৰূপ বিহুটিক সঠিক ৰূপত আয়ত্ব কৰি নতুন প্ৰজন্মই প্ৰসাৰৰ বাবে আগ্ৰহ প্ৰকাশ কৰাটোৱেই হৈছে অসমীয়া জাতিৰ গৌৰৱ। আয়োজক সকলৰ মতে, এই প্ৰশিক্ষণৰ জড়িয়তে ভৱিষ্যতৰ দিনত এওলোকৰ মাজৰ পৰাই ওলাই আহিব নিজকে সুপ্ৰতিষ্ঠিত কৰিব পৰা বহু বিহুৱা, বিহুৱতী ।